মিৰ্জা, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰীঃ  মঙলবাৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ পলাশবাৰী আৰক্ষী চকীৰ অন্তগৰ্ত বঙৰাত পথৰ ওপৰত এখন চুপাৰি ভৰ্তি পাঞ্জাববডি ট্ৰাক বাগৰি পৰে। জানিব পৰা ম’তে মানকাচাৰৰ পৰা গুৱাহাটী অভিমুখী চুপাৰি ভৰ্তি ট্ৰাকখনৰ আগত বাছ এখনে ব্ৰেক মৰাত ট্ৰাকখনে প্ৰচণ্ড জোৰত বাছখনক খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কথমপি প্ৰান ৰক্ষা পৰে ট্ৰাকখনৰ চালক, হেণ্ডিমেনৰ লগতে পথৰ কাষত থকা দোকানৰ আৰু দুটা বাসগৃহত থকা লোকৰ। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ এ এছ-১৮-চি-৬৩৭৬। জানিব পৰা মতে ট্ৰাকখনত প্ৰায় ৮০ লক্ষাধিক টকাৰ ২৬০ বস্তা চুপাৰি আছিল। আৰক্ষীৰ চকুত ধুলি দি এনেদৰে সঘনাই অভাৰলোড ট্ৰাকসমূৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন স্থানলৈ কিদৰে যাতায়ত অব্যাহত ৰাখিছে এইটো এতিয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে লাখ টকীয়া প্ৰশ্ন।