বঙৰা, সংবাদ ৩৬৫, ২৪ আগষ্ট: বৃহস্পতিবাৰে বঙৰাত নিশা ১ বজাত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় দক্ষিণ কামৰূপৰ বঙৰাৰ দুই নিৰিহ যুৱকে। গোৱালপাৰা-গুৱাহাটী ১৭ নং ৰাষ্ট্ৰীয় পথৰে সোনমনি নাথ(২৫) আৰু অপুৰ্ব শৰ্মা(২৬) নামৰ দুই যুৱকে স্কুটীৰে স্বগৃহ অভিমুখে গৈ থকা অৱস্থাত এখন অচিনাক্ত বাহনে প্ৰচণ্ড জোৰেৰে মহতিয়াই লৈ যায় দুইজন যুৱকক। পাছত স্থানীয় ৰাইজে নিশাই ততাতৈয়াকৈ দুয়োজনকে চিকিৎসালয়ক লৈ যায় যদিও আদবাটতে মৃত্যু হয় সোনমনি আৰু অপুৰ্বৰ। উল্লেখ্য যে অপুৰ্ব শৰ্মা নামৰ যুৱকজন বিদ্যুৎ বিভাগৰ কৰ্মী আছিল । দুয়োজনৰে মৃত্যুত বৰ্তমান সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।