বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: কামৰূপ জিলাৰ চাংসাৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে আবেলিৰ ভাগত চলন্ত মালবাহী টেম্পো এখনত অগ্নি সংযোগ হয়। মহানগৰীৰ জু ৰোডৰ টেন্স ফাৰ্ণিচাৰ পৰা ছিপাঝাৰলৈ বিয়াৰ ফাৰ্ণিচাৰ লৈ গৈ থকা অৱস্থাত জুইৰ লেলিহান শিখাই আবৰি ধৰাৰ ফলত ৰাজপথতেই দাউদাওকৈ জ্বলি উঠে মালবাহী টেম্পোখন। লগে লগে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত। মুহুৰ্তৰ ভিতৰতে ভস্মীভূত হয় কেইবা লক্ষ টকাৰ ফাৰ্ণিচাৰ। ততাতায়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে অগ্নি নিৰ্বাপন কৰে। কথমপি প্ৰাণ ৰক্ষা পৰে এ এছ ০১ এইচ চি ৯৩৩১ নম্বৰৰ বাহনখনৰ চালক দ্বিপেন কুমাৰ ডেকা ।