বৰপেটা, সংবাদ ৩৬৫, ১২ নৱেম্বৰ: মহানগৰীত দুটাকৈ সংঘটিত হোৱা হত্যাকাণ্ড ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই বৰপেটা জিলাৰ বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত টেকলাৰবালাত সোমবাৰে পুৱা এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। উল্লেখ্য যে সোমবাৰে ৰাতিপুৱা স্থানীয় লোকে এগৰাকী অচিনাক্ত লোকক বৰপেটাৰ আগৰজান দলংৰ তলত কাপোৰেৰে মেৰিয়াই পেলাই থৈ দিয়া প্ৰত্যক্ষ কৰে। আৰু লগে লগে বৰপেটা আৰক্ষীক খবৰ দিয়ে। পাছত ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ কোনো লোকে অচিনাক্ত মৃতদেহটোক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে স্থানীয় লোকেও কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰে। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটা আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।