নগাঁও, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ: যোৱা ২৩ মাৰ্চত নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তৰ্গত ধনীয়াভেটিৰ লালুং গাঁৱত পঞ্চম শ্ৰেণীৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক ৫ টাকৈ নৰপিশাচে দলবব্ধভাৱে ধৰ্ষণ কৰি গাত কেৰাচিন ঢালি জুই লগাই হত্যা কৰি ৰাজ্য তোলপাৰ লগাই যোৱা এই শিহৰণকাৰী ঘটনাটো আজিও সকলোৰে মনত জলজল পটপট হৈ আছে। মঙ্গলবাৰে নগাঁও জিলা সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে এই জঘন্য বলাৎকাৰ কাণ্ডৰ লগত জড়িত অভিযুক্ত জাকিৰ হুছেইনক দোষী সাব্যস্ত কৰাৰ লগতে আন ৫ জন অভিযুক্তক মুক্তি দিয়ে। আনহাতে এই বলাৎকাৰ কাণ্ডৰ লগত জড়িত আন দুই নাবলকৰ ক্ষেত্ৰত বৰ্তমানেও কোনো ৰায়দান দিয়া নাই নগাঁও জিলা সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে। অভিযুক্ত জাকিৰ হুছেইনক ফাঁচীৰ দাবী জনাইছে কিশোৰী গৰাকীৰ পৰিয়ালৰ লগতে বটদ্ৰৱাৰ বহু স্থানীয় ৰাইজে। অহা ৭ ছেপ্টেম্বৰত আদালতে জাকিৰ হুছেইনক শাস্তি ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে। আদালতে জাকিৰ হুছেইনক দোষী সাব্যস্ত কৰাৰ পিছতেই আদালত চৌহদতে অসুস্থ হৈ পৰে অভিযুক্ত জাকিৰ হুছেইনৰ মাতৃ। উল্লেখ্য যে এই জঘন্য ঘটনা সংঘটিত কৰাৰ পাছত অভিযুক্ত জাকিৰক পলাবলৈ সুবিধা দিয়াৰ অভিযোগত জাকিৰৰ মাতৃকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।