নতুন দিল্লী, ২৬ এপ্ৰিলঃ বড়োলেণ্ডৰ বিষয় সমূহ ফলপ্রসূ সমাধানৰ বাবে আজি নতুন দিল্লীৰ নৰ্থ ব্লকত নিখিল বড়ো ছাত্র সস্থা (এবছু), ভাৰত চৰকাৰ আৰু অসমৰ চৰকাৰৰ মাজত গৃহ মন্ত্রণালয়ৰ পর্যায়ত আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিং, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু এবছুৰ শীর্ষ নেতৃবৃন্দই অংশ গ্রহণ কৰে৷ প্রায় ৪০ মিনিট জোৰা এই আলোচনাৰ সময়ত এবছুৱে দীর্ঘ দিনে মীমাংসা নোহোৱাকৈ থকা বিষয়সমূহ উত্থাপন কৰে আৰু এই বিষয় সমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। আবছৰ প্ৰতিনিধিবৰ্গৰ সৈতে হোৱা এই বৈঠকত কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙে কয় যে প্রধান মন্ত্রী নৰেন্দ্ৰ মোডীৰ “সবক সাথ সবকা বিকাশ’ নীতিৰ আধাৰত কেন্দ্রীয় চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ সম বিকাশৰ বাবে দায়বদ্ধ। বড়ো জনগোষ্ঠীকে ধৰি সকলো জনগোষ্ঠীৰ সম-উন্নয়ন বিচাৰো বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহ মন্ত্রী গৰাকীয়ে কয় যে অসমত বসবাস কৰা বড়ো জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়ন নিশ্চিত কৰাৰ উদ্দেশ্যেৰে কেন্দ্রীয় চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিব৷ কেন্দ্রীয় গৃহমন্ত্রী গৰাকীয়ে লগতে কয় যে বড়ো সমস্যা সমূহৰ স্থায়ী আৰু ক্ষীপ্ৰ সমাধানৰ উদ্দেশ্যেৰে এবছু, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিষয়া পর্যায়ৰ আলোচনা অব্যাহত থাকিব৷ আজিৰ এই আলোচনাৰ অগ্ৰগতিত সন্তোষ প্রকাশ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে সকলোৰে সম-উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে এখন ঐক্যবদ্ধ আৰু শক্তিশালী অসম গঢ়াৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে৷ সকলো জনগোষ্ঠীৰ উন্নয়ন নিশ্চিত কৰাৰ জৰিয়তে এখন সমৃদ্ধিশালী অসম গঢ়াৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বড়োসকল অসমৰ এক উল্লেখযোগ্য আৰু শক্তিশালী জনগোষ্ঠী আৰু সেইবাবে বড়োসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ সম্পূর্ণভাৱে দায়বদ্ধ৷ এবছুৰ সভাপতি প্রমোদ বড়োৱে কয় যে বড়োসকলৰ কলা-সংস্কৃতি আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে পৃথক বড়োলেণ্ডৰ দাবী দীর্ঘদিনে অমীমাংসিত হৈ আছে। তেওঁলোকৰ দাবী সমূহ স্থায়ী আৰু শীঘ্ৰে সমাধান বিচাৰি এবছুৰ সভাপতি গৰাকীয়ে কয় যে ভৱিষ্যতে বড়ো উগ্ৰপন্থী গোটসমূহে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে ভাৰত চৰকাৰৰ লগত আলোচনাত মিলিত হ’ব৷ উল্লেখ্য যে আজিৰ এই আলোচনাৰ সময়ত এনডিএফবি(প্ৰ)ৰ অধ্যক্ষ গোবিন্দ বসুমতাৰী, প্রাক্তন সাংসদ। এছ কে বিছমুতিৰীয়েও অংশ গ্রহণ কৰে৷