নতুন দিল্লী, ২৬ এপ্ৰিলঃ সুদীর্ঘ ১২ বছৰৰ অন্তত অসম চুক্তি ৰূপায়ণ সম্পৰ্কত আজি নতুন দিল্লীৰ নৰ্থ ব্লকত সদৌ অসম ছাত্র সন্থা, ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত গৃহমন্ত্রণালয় পর্যায়ত আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিং, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু আছুৰ শীৰ্ষ নেতৃত্বই অংশ গ্রহণ কৰে। আলোচনাত অংশ গ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে আছুৰ প্ৰতিনিধি সকলক আশ্বাস প্রদান কৰি কয় যে কোনো কাৰণ বা কোনো পৰিস্থিতিতে অসম চুক্তিৰ সঠিক ৰূপায়ণৰ দিশটো আওকাণ কৰা নহ’ব। অসম চুক্তি ৰূপায়ণৰ দিশটো সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰি থকা কেন্দ্রীয় মন্ত্রী গৰাকীয়ে লগতে কয় যে ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও অসমত এখন ক্ৰটী মুক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰচি) প্রস্তুত কৰাৰ লগতে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সাংবিধানিক সুৰক্ষা প্ৰদানৰ দিশত প্রতিশ্রুতিবদ্ধ। অসম চুক্তি ৰূপায়ণ বিষয়ক যিকোনো বিষয় আলোচনা কৰাৰ বাবে আছুৰ নেতৃবৃন্দই যিকোনো দিনতে তেওঁক প্রত্যক্ষভাৱে যোগাযোগ কৰিব পাৰিব বুলিও কেন্দ্রীয় গৃহ মন্ত্রী গৰাকীয়ে দোহাৰে। কেন্দ্রীয় গৃহমন্ত্রী গৰাকীয়ে লগতে কয় যে অসম চুক্তিৰ সকলো দফা সময় নিৰ্দ্ধাৰিতভাৱে ৰূপায়ণৰ নিশ্চিতিকল্পে ভাৰত চৰকাৰ প্ৰতিনিধি, অসম চৰকাৰৰ প্ৰতিনিধি আৰু আছুৰ প্ৰতিনিধিক সামৰি এখন কমিটি প্রস্তুত কৰা হ’ব। এই সম্পৰ্কত তেওঁ কয় যে আছুৱে উত্থাপন কৰা সকলোবোৰ বিষয় বিস্তৃতভাৱে আলোচনা কৰাৰ উপৰি সময় নিদ্ধাৰিতভাৱে সমাধান কৰাৰো ব্যৱস্থা লোৱা হ’ব। অনুপ্ৰৱেশ ৰোধ আৰু সীমান্ত সুৰক্ষা ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ বাবে সীমান্তত দ্বিতীয় শাৰীৰ সুৰক্ষা ব্যৱস্থা স্থাপনৰ পৰিকল্পনা কৰি থকা হৈছে বুলিও গৃহ মন্ত্রী গৰাকীয়ে কয়। তদুপৰি ভাৰত-বাংলাদেশ সীমান্তত ইতিমধ্যে কাঁইটীয়া তাঁৰৰ বেৰ দিয়া কাম আৰম্ভ কৰা হৈছে বুলিও কেন্দ্রীয় মন্ত্রী গৰাকীয়ে কয়। বগীবিল দলঙৰ নিৰ্মাণ কার্য এইবছৰৰ ডিচেম্বৰ মাহৰ ভিতৰতে সম্পূর্ণ কৰা হ’ব বুলিও কেন্দ্রীয় মন্ত্রী গৰাকীয়ে কয়। ত্ৰিপাক্ষিক আলোচনা ফলপ্রসূ হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে অসম চুক্তি ৰূপায়ণ সম্পৰ্কত আমি ফলপ্রসূ আৰু ইতিবাচক আৰম্ভণি কৰিছো। আজিৰ আলোচনা ফলপ্রসূ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ জনসাধাৰণক সাংবিধানিক আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ দিশত অসম চুক্তি দফা ভিত্তিক সময় নিৰ্দ্ধাৰিত ৰূপায়ণ সম্পৰ্কত আজি সবিস্তাৰে আলোচনা কৰা হয় বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অসম চুক্তিৰ প্ৰতিটো দফাই সময় নিদ্ধাৰিতভাৱে ৰূপায়ণৰ বাবে ৰাজনৈতিক আৰু চৰকাৰী পর্যায়ত আলাপ আলোচনা অবিৰতভাৱে চলি থাকিব বুলি মুখ্যমন্ত্রীয়ে দোহাৰে সুদীর্ঘকালৰ অন্তত অসম চুক্তি ৰূপায়ণৰ বাবে অনুষ্ঠিত কৰা এই ত্রিপাক্ষিক বৈঠকৰ বাবে ইতিবাচক পদক্ষেপ লোৱাৰ বাবে আছুৰ মুখ্য উপদেষ্ট সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে৷ উপদেষ্টা গৰাকীয়ে আজিৰ আলোচনা ফলপ্ৰসূ হোৱা বুলিও মন্তব্য কৰে৷ আজিৰ আলোচনাত অসম চুক্তিৰ সকলো দফা সময় ভিত্তিক ৰূপায়ণৰ বাবে আছুৱে উত্থাপন কৰা ৬০ টা প্রস্তাৱ বিস্তৃতভাৱে আলোচনা কৰা হয় বুলিও উল্লেখ কৰে৷ আছুৰ উপদেষ্টা গৰাকীয়ে লগতে কয় যে অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ বাবে জিলা আৰু ৰাজ্যিক পর্যায়ত বিশেষ কর্মবাহিনী গঠন কৰাৰ বিষয়টোও আছুৱে উত্থাপন কৰিছে বুলিও কয়৷ অবৈধ অনুপ্ৰৱেশকাৰী সকলৰ বহিস্কৰণ আৰু সংস্থাপনৰ বাবে ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰৰ বাবে আছুৱে পৰামর্শ প্রদান কৰিছে বুলিও উপদেষ্টা গৰাকীয়ে কয়৷ এই গোটেই প্রক্রিয়া সমূহ ত্বৰান্বিত কৰাৰ বাবে পৰৱতী ত্রিপাক্ষিক বৈঠক দুমাহৰ পিছতে অনুষ্ঠিত হ’ব বুলিও তেওঁ কয়৷ প্রায় ৪৫ মিনিট সময় ধৰি চলা আজিৰ এই ত্রিপাক্ষিক বৈঠকত অসম চুক্তিৰ দফা ভিত্তিক সময় নিদ্ধাৰিত ৰূপায়ণ বিশেষকৈ অসম চুক্তিৰ ৬ আৰু ৭ নং দফা অনুসৰি ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সাংবিধানিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ বিষয়টো বিস্তাৰিতভাৱে আলোচনা কৰা হয়৷ আজিৰ আলোচনাত অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম অন্তর্ভুক্ত নোহোৱাকৈ এন আৰ চিৰ উন্নীতকৰণ, অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাটো চিৰদিনৰ বাবে সমাধানৰ অৰ্থ যুদ্ধকালীনভাৱে সুৰুঙা থকা সীমান্ত সম্পূর্ণভাৱে ছীল কৰা বিষয় সমূহো আলোচনা কৰা হয়৷ আলোচনাত অশোক কাগজ কল পুনৰুজজীৱিত কৰণ, ৰাজ্যখনৰ বান আৰু গৰাখহনীয়া সমস্যা বিশেষকৈ নদী দ্বীপ মাজুলীৰ বান আৰু খহনীয়া সমস্যা সমাধানেৰে সুৰক্ষিতকৰণ বিষয় সমূহো আলোচনা কৰা হয়৷ আজিৰ আলোচনাত ভাৰত চৰকাৰৰ তৰফৰ পৰা কেন্দ্রীয় গৃহ সচিব ৰাজীৱ মেহেষী, কেন্দ্রীয় গৃহ মন্ত্রণালয় (উত্তৰ-পূব)ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ উপস্থিত থকাৰ লগতে ৰাজ্য চৰকাৰ তৰফৰ পৰা উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্যমন্ত্রী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব, গৃহ বিভাগৰ প্ৰধান সচিব, গৃহ বিভাগৰ আয়ুক্ত সচিব, অসম ভৱনৰ আবাসিক আয়ুক্ত উপস্থিত থাকে৷ আছুৰ তৰফৰ পৰা মুখ্য উপদেষ্ট সমুজ্জল কুমাৰ ভট্টাচার্য সভাপতি দিপাংক নাথ, সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ আৰু বসন্ত ডেকাই আলোচনাত অংশ গ্রহণ কৰে৷