বাক্সা, সংবাদ ৩৬৫ ৩ জুলাইঃ বাক্সা জিলাৰ মুছলপুৰত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। মুছলপুৰৰ সমীপৱৰ্তী হাৰিভাঙা চ’কত সংঘটিত হয় দিন ডকাইতিৰ ঘটনা। প্ৰাপ্ত তথ্য মতে এল এণ্ড টি নামৰ মাইক্ৰ ফাইনেঞ্চ কোম্পানীৰ ধনজিৎ শৰ্মা নামৰ এজেণ্ট এজনে মুছলপুৰ এলেকাৰ বিভিন্ন মহিলা গোটক প্ৰদান কৰা ঋণৰ সাপ্তাহিক কিস্তী সংগ্ৰহ কৰি মুছলপুৰৰ নিকটৱৰ্তী হাৰিভাঙা চ’কৰ ববিতা দাস নামৰ মহিলা গৰাকীৰ ঘৰত গোটৰ টকা সংগ্ৰহ কৰিবলৈ যাওঁতে মটৰ চাইকেলত অহা দুজন যুৱকে হঠাৎ মহিলা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধনজিৎ শৰ্মা নামৰ এজেণ্ট জনৰ মূৰত পিষ্টল লগাই টকা বিচাৰে আৰু যুৱক দুজনে ধনজিৎ শৰ্মাক পিষ্টলেৰে আঘাত কৰি প্ৰায় এক লাখ পঞ্চাশ হাজাৰ টকাৰ বেগটো লৈ উধাও পলায়ন কৰে। একে সময়তে ববিতা দাস নামৰ উক্ত মহিলা গৰাকীৰ ঘৰত আছা নামৰ আন এটা বিত্তীয় প্ৰতিষ্ঠানৰ দুগৰাকী মহিলা এজেন্টেও টকা সংগ্ৰহ কৰিবলৈ আহিছিল আৰু যুৱক দুজনে মহিলা দুগৰাকীৰ পৰাও প্ৰায় আঠাশী হাজাৰ টকা লুট কৰি নিয়ে। ঘটনাৰ খৱৰ পাই মুছলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে আৰু ধনজিৎ শৰ্মা নামৰ এজেণ্ট জনক আহত অৱস্থাত মুছলপুৰ চিকিৎসালয়ত ভৰ্তি কৰে। উল্লেখ্য যে বিগত দুমাহত মুছলপুৰ এলেকাত পাঁচটাকৈ দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে এজনো অপৰাধীক কৰায়ত্ব কৰিব সক্ষম হোৱা নাই৷