গোলাঘাট

২৩ ছেপ্টেম্বৰ

গোলাঘাটত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। মনোমতি দাস নামৰ মহিলা গৰাকীক এজন ব্যক্তিয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ।

গোলাঘাট জিলাৰ বামবৰাহী গাঁৱৰ মনোমতি দাস নামৰ এগৰাকী মহিলাক আধাৰ কাৰ্ড বনোৱাৰ নামত অঞ্জন শইকীয়া নামৰ এজন লোকে মহিলা গৰাকীক ঘৰৰ পৰা গোলাঘাট পঞ্চায়ত কাৰ্যালয়লৈ আনি বিয়লি অঞ্জন শইকীয়াই মনোমতি দাসৰ পৰিয়ালক জনাইছিল যে মনোমতি দাস অসুস্থ অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি। চিকিৎসাধীন অৱস্থাত থকা বুলি জনোৱা মহিলা গৰাকীৰ মৃতদেহ সন্ধিয়া প্ৰায় ৬ মান বজাত এম্বুলেন্সৰ জৰিয়তে মহিলা গৰাকীৰ ঘৰলৈ প্ৰেৰণ কৰে। মহিলা গৰাকীৰ মৃতদেহ ঘৰলৈ প্ৰেৰণ কৰাৰ পিছৰে পৰা অঞ্জন শইকীয়া নামৰ লোকজন ৰহস্যজনকভাৱে অন্তৰ্ধাণ হৈ আছে। পলাতক অৱস্থাত থকা অঞ্জন শইকীয়াই মহিলা গৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে। মৃত মনোমতি দাসৰ পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজৰ অভিযোগ অঞ্জন শইকীয়াই ধৰ্ষণ অথবা কোনো দুষ্কাৰ্য কৰি মনোমতি দাসক হত্যা কৰিছে।

উল্লেখ্য যে অঞ্জন শইকীয়া নামৰ লোকজন পূৰ্বেও ধৰ্ষণৰ দৰে দুস্কাৰ্য লগত জড়িত থকাৰো অভিযোগ তুলিছে ৰাইছে। মৃত মহিলা গৰাকীৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত অভিযোগ দাখিল কৰি উপযুক্ত তদন্ত দাবী জনাইছে। ইফালে এই পৰ্যন্ত মনোমতি দাসৰ মৃতদেহৰ শৎকাৰ কৰা নাই পৰিয়াল লোকে। এই ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।