বাক্সাৰ পৰা বিস্মিতা শর্মা, সংবাদ ৩৬৫, ১ ডিচেম্বৰ: বি টি এ ডিৰ বাক্সা জিলাৰ তামুলপূৰ মহকুমাৰ অন্তৰ্গত শুক্লাইত অৱস্থিত যোগেন বসুমতাৰী সোঁৱৰণি ৩০খন বিচনাযুক্ত মেমৰিয়েল হস্পিতালখন শনিবাৰে পুনৰ উদ্বোধন কৰা হয়। কেইবা বছৰ ধৰি উক্ত হস্পিতালখন বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি বন্ধ হৈ আছিল যদিও বি টি এ ডিৰ স্বাস্থ্য বিভাগৰ ই এম গণেশ কছাৰীৰ প্ৰচেষ্টাত এন আৰ এইচ এমৰ অধীনত শনিবাৰে পুনৰ উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত সাংসদ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ ই এম গণেশ কছাৰী, বাক্সা জিলাৰ জইন চেক্ৰেটাৰী, বিবেকানন্দৰ উত্তৰ পূৰ্বাঞ্চলৰ সম্পাদক, স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় উপদেষ্টাকে ধৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে। উক্ত হস্পিতালখনত ৩০খন বিছনা থকাৰ লগতে অন্যান্য অত্যাধুনিক বহুতো সা-সুবিধা আছে। এই হস্পিতালখনে ভাৰত-ভূটান সীমান্ত অঞ্চলৰ লগতে সীমামূৰীয়া গাঁও সমূহৰ চিকিৎসা সেৱাৰ অভাৱ দূৰ কৰিব বুলি মন্ত্যব্য আগবঢ়াই সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।