সৰুপথাৰ, সংবাদ ৩৬৫, ১ ডিচেম্বৰ: অসম- নাগালেণ্ড সীমান্তৱর্তী উৰিয়ামঘাটৰ ৰেংমা নদীৰ ওপৰৰ পকী দলংখনৰ অৱস্থা তেনেই পয়ালগা হৈ পৰিছে। কেইবা ঠাইত ফাট মেলি যোৱাৰ লগতে মাত্রাধিক পৰিমাণে বোজা কঢ়িওৱাৰ ফলত সম্প্ৰতি তীব্র ভাবুকি কঢ়িয়াই আনিছে দলংখনৰ প্ৰতি । ১৯৮৮ চনত, সেই সময়ৰ অগপ চৰকাৰৰ দিনত অতুল বৰা গড়কপ্তানী মন্ত্রী হৈ থাকোতে নিৰ্মাণ হৈছিল উক্ত দলংখন । উল্লেখ্য যে, অসম – নাগালেণ্ড সীমান্তৰ এ বি আৰু চি চেক্টৰৰ প্ৰায় কেইবা হাজাৰ পৰিয়ালৰ লগতে, বিবাদমান এলেকা হিচাপে চিহ্নিত উক্ত কেউতা চেক্টৰত নিয়োজিত চি আৰ পি এফ আৰু অসম ৰাইফলছৰ কেইবাটাও কেম্প আছে । আনহাতে, দলংখনৰ ওপৰেদি নিতৌ শ শ হিচাপত শিলৰ গধুৰ বাহনৰ লগতে অ এন জি চিৰ বহুতো গধুৰ বাহন নিতৌ আহ-যাহ কৰে । এইক্ষেত্রত বৰ্তমানৰ অসম চৰকাৰৰ গড়কপ্তানী বিভাগৰ মন্ত্রী হিমন্ত বিশ্ব শর্মাক দলংখন মেৰামতি কৰিবৰ বাবে আহ্বান জনাইছে সচেতন ৰাইজে ।