সোণতলী, ১০ ছেপ্তেম্বৰঃ দক্ষিণ কামৰূপৰ সোণতলীত পুণৰ আৰম্ভ হৈছে ভদীয়া বানৰ সন্ত্ৰাস৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত সোণতলীৰ কুৰি খনৰো অধিক ৰাজহ গাঁৱৰ কৃষক সকলে জলবন্দী হৈ পৰিছে৷ অলপতে কৃষকৰ শস্য বানে নষ্ট কৰাৰ পিছতো ব্ৰহ্মপুত্ৰৰ পানী কমি যোৱাৰ পিছত শালিধান খেতিৰ নতুন পুলি গজিছিল যদিও পুনৰ কৃষকৰ সপোন ধূলিস্যাৎ কৰিছে ভদীয়া বানে৷ বিশেষকৈ সোণতলীৰ আৰিকাটি, পল্লিমংগল, পানীখাইতি, লটৰীয়াদিয়া, কুচিয়াৰদিয়া, বৰঘোল, পুৰাণগাঁও, কাছাৰীপাম, সৰু আৰিকাটি আৰু কমলাপুৰ অঞ্চলৰ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ সাঁচতীয়া ধন খৰচ কৰি কৃষকে কৰা শাক-পাচলি, শালি ধানৰ খেতি ভদীয়া বানে নিশ্চিহ্ন কৰি পেলাইছে৷ কৃষকৰ খেতি-বাতি, ঘৰ-দুৱাৰ, সতি-সন্তান এৰি বহিঃৰাজ্যত কাম বিচাৰি যোৱাৰ বাহিৰে অন্য কোনো বিকল্প নোহোৱা হৈছে৷ বানে গৰকা কৃষকক সুবিধাৰ্থে ৰাজ্যৰ কৃষি বিভাগক  অভিলাসী আঁচনি যুগুত কৰি সৰ্বস্বান্ত কৃষকক সহায়ৰ হাত আগবঢ়াবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে।