জলেশ্বৰ, সংবাদ ৩৬৫, ৭ জুলাইঃ পুনৰ এক ভয়ংকৰ ছবি প্ৰতিফলিত হৈছে অসমত। মৰণফান্দত পৰিণত হৈছে এখন দলঙ। বাহৰ দলঙৰে ভয়ংকৰভাৱে যাতায়ত কৰিছে গোৱালপাৰাৰ জলেশ্বৰবাসী ৰাইজে। যুগ যুগ ধৰি বাহৰ দলঙৰে যাতায়াত কৰি আহিছে ফুলপুৰ আৰিকাটা অঞ্চলৰ লোক। কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী গৰ্ভৱতী প্ৰসুতিকে ধৰি দৈনিক হাজাৰ হাজাৰ লোক নিৰাপত্তাহীনতাৰে যাতায়াত কৰে। মনকৰিবলগীয়া যে দলঙ খনেৰে যাতায়াত কৰোতে কেইবাজনো লোক মৃত্যু মুখত পৰিছে। তাৰ পিছতো গা লৰা নাই গঢ়কাপ্তনি বিভাগৰ লগতে স্হানীয় জনপ্ৰতিনিধিৰ। গভীৰ নিদ্ৰাত গঢ়কাপ্তনি বিভাগৰ লগতে স্হানীয় জনপ্ৰতিনিধি। যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত শূন্যত পৰিণত হৈছে চৰকাৰখনৰ পৰিবৰ্তনৰ শ্লোগান। দলঙখন আৰু গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে 2016-17 ইং বিত্তীয় বৰ্ষত জামাদাৰহাট উন্নয়ন খণ্ডৰ পৰা এম জি এনৰেগা আঁচনিৰ অধীনত পাঁচ লাখটকীয়া আঁচনি গ্ৰহণ কৰা হৈছিল, কিন্তু সেইখন আঁচনিৰ অধীনত এটকাৰো কাম হৈ উঠা নাই ঠাই ডোখৰত। আঁচনিখনৰ সমূদয় জামাদাৰহাট উন্নয়ন খণ্ডৰ বিষয় ববীয়া সকলে সম্পূৰ্ণ আত্মসাৎ কৰা বুলি অভিযোগ তুলিছে স্হানীয় ৰাইজে আৰু এই আত্মসাৎকাৰী দলটোৰ নিছিনপুৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যাৰ মুজাম্মেল হক জড়িত থকা বুলি দবী কৰিছে স্হানীয় লোকে।