কলগাছিয়া, সংবাদ ৩৬৫, ৭ জুলাইঃ পুনৰ গৰাখহনীয়াৰ গ্ৰাসত বেকী নৈ। নেৰা-নেপেৰা ৩ দিনৰ বৰষুণৰ ফলত বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুঁতিৰপথাৰ আৰু কৰাৰকুৰত বেকী নৈৰ গৰাখহনীয়াত উচন হল ৩০ টা কৈ পৰিয়াল। দুৰ্ভগীয়া পৰিয়াল কেইটাই মাটি-ভেটীৰ লগতে মৰাপাট আৰু ধান খেতি হেৰুৱাই বিকল্প ৰাজ্যিক ঘাই পথৰ ওপৰত আশ্ৰয় লব লগা হৈছে। যাৰ বাবে অনাহাৰে মুকলি আকাশৰ তলতে বিনিদ্ৰ ৰাজনী কটাব লগা হৈছে। তাৰ পিছতো গা লৰা নাই বৰপেটা জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ। কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটা জিলা প্ৰশাসন বা স্থানীয় বিধায়ক আব্দুল খালেক। এই ক্ষতিগ্ৰস্ত লোক সকলৰ সা-সুবিধা কৰি দিয়াতো দূৰৰে কথা খবৰ লবলৈয়ো আহৰি নাই এই লোক সকলৰ।