চিৰাং, সংবাদ ৩৬৫, ১৪ জুলাইঃ চিৰাং জিলাৰ বিজনীত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। শনিবাৰে বনবিভাগ, আৰক্ষী আৰু এছ এছ বিয়ে বিজনীৰ মাজৰাবাৰী গাঁৱত অতৰ্কিতে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ চোৰাং কাঠৰ কুণ্ডাৰ বজাৰ মূল্য দহ লক্ষাধিক টকাতকৈও অধিক হ’ব যদিও চৰকাৰী মূল্য হিচাপত ৭-৮ লাখ টকা হ’ব বুলি কুকলুং বনাঞ্চলিক বিষয়া অবিনাস বসুমতাৰীয়ে জানিবলৈ দিয়ে। মাজৰাবাৰীৰ উক্ত স্থানতে অবৈধ ভাবে স্থাপন কৰা অবৈধ কাঠ ফলা মেচিন এটা আছিল যদিও বনবিভাগৰ অভিযানৰ আগতীয়া সম্ভেদ পাই চোৰাং কাঠ ব্যৱসায়ী সকলে মেচিনটো আগতীয়াকৈ গোপন স্থানত স্থানান্তৰ কৰে। অতৰ্কিতে চলোৱা এই অভিযানত চোৰাং কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে অভিযানকাৰী দলটোৱে কমল শ্বেখ আৰু বাচিৰ উদ্দীন শ্বেখ নামৰ দুজন চোৰাং কাঠ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ মানাস ৰাষ্ট্ৰীয় উদ্যানত বন ধ্বংস অভিযান আৰু বন বিভাগৰ নাকৰ তলত চোৰাং কাঠৰ অবৈধ ব্যৱসায় অব্যহত আছে আজিৰ এই জব্দ কাঠৰ কুণ্ডা ইয়াকে প্ৰমান কৰিছে।