ডিফু

২২ ছেপ্তেম্বৰ

প্ৰাক্তন সাংসদ বিৰেনছিং ইংতিৰ ঘৰত দূৰ্বৃত্তৰ আক্ৰমণ। প্ৰাক্তন সাংসদ গৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে পুৱা ৫ মান বজাত কোনো অজ্ঞাত দূৰ্বৃত্তই প্ৰাক্তন সাংসদ গৰাকীৰ ডিফুস্থিত বাসভৱনৰ চৌহদত অনাধিকাৰ প্ৰৱেশ কৰি চৌহদতে থকা কোৰ এটা হাতত লৈ প্ৰথমতে বাহিৰত ৰখাই থোৱা অৱস্থাত প্ৰাক্তন সাংসদ গৰাকীৰ ইন’ভা গাড়ীখনৰ সোঁফালৰ দৰ্জাৰ আয়না ভাঙি পেলায়৷

দূৰ্বৃত্তটোৱে বিৰেনছিং ইংতিৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ভিতৰত থকা ফাৰ্ণিছিৰ, মূৰ্তি আৰু অনান্য বয়বস্তু ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে৷ দূৰ্বৃত্তটোক প্ৰাক্তন সাংসদ গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ কোনেও পূৰ্বতে দেখা নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে৷ প্ৰাক্তন সাংসদ গৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু বাসভৱনটোত থকা লোক সকল ওলাই আহি দূৰ্বৃত্তটোক কৰায়ত্ত কৰি ডিফু থানাত খবৰ দিয়াত ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতি ঘটনাস্থলীত উপস্থিত হৈ দূৰ্বৃত্তটোক আটক কৰি ডিফু থানালৈ আনি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰাক্তন সাংসদ গৰাকী ঘৰতেই আছিল বুলিও জানিব পৰা গৈছে৷ ঘটনা সন্দৰ্ভত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৪৭/৪৪৮ আৰু ৪২৭ ত ডিফু থানাত ১৭৭/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

আৰক্ষীয়ে দূৰ্বৃত্তটোক ডকমকা থানা এলেকাৰ কাংনেট টকবী গাঁও বাগপাণিৰ মৃত চন্দ্ৰ ইংতিৰ পুত্ৰ দেউৰী ইংতি বুলি চিনাক্ত কৰিছে৷ আনহাতে আৰক্ষীৰ প্ৰাথমিক তদন্তত দূৰবৃত্তটো মানসিক ভাবে বিকাৰগ্ৰস্থ বুলিও জানিবলৈ দিছে।