বাঘবৰ, সংবাদ ৩৬৫, ১১ নৱেম্বৰ: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সময় চমু চপাৰ লগে লগে ৰাজনৈতিক দল সমূহে ইখনৰ পিছত সিখন বৈঠকৰ বাবে ব্যস্ত হৈ পৰিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ ২৬ খন জিলাত অনুষ্ঠিত হ’ব। আৰু তাৰ বাবেই বৈঠকত তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘু ভোটাৰৰ মন জয়ৰ লক্ষ্যৰে অসম গণ পৰিষদ দলৰ বাঘবৰ আঞ্চলিক সমিতিৰ উদ্যোগত বাঘবৰৰ সেউৰাভিটাত শনিবাৰে বিয়লি অগপৰ এক দলীয় কৰ্মী সভা অনুষ্ঠিত হয় । বাঘবৰ সমষ্টি সমিতিৰ সভাপতি আলি হুছেইনে সভাপতিত্ব কৰা সভাত অতিথি হিচাপে উপস্থিত থাকে বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ কুমাৰ দীপক দাস, ৰাজীব আহমেদ আদি কৰি দলটোৰ বহু নেতা কৰ্মী উপস্থিত থাকে । ভাষণত বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ লগত অগপৰ মুল যুঁজ হব। এই নিৰ্বাচনত সংখ্যালঘু ৰাইজে বহু প্ৰাৰ্থীক জয়ী কৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে । ইপিনে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ কুমাৰ দীপক দাসে ভাষণত কংগ্ৰেছ দলে সংখ্যালঘু ৰাইজক বহু প্ৰতাৰণা কৰি আহিছে বুলি কঠোৰ সমালোচনা কৰে । ইয়াৰ উপৰিও কেইবাজনো লোকে মূল্যবান ভাষণ আগবঢ়ায় । উক্ত সভাত আনুষ্ঠানিক ভাৱে বহু লোকে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দল এৰি অগপ দলত যোগদান কৰে বুলি দলটোৰ কৰ্মীয়ে জানিবলৈ দিয়ে ।