মুস্তাক আহমেদ
জুৰীয়া
২৮ অক্টোবৰ

বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে। মিঞা সংগ্ৰহালয় সন্দৰ্ভত বিষ্ফোৰণ ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদৰ।শংকৰ-আজানৰ দেশ বৰ্তমান এটা শ্ল’গানত পৰিণত হৈছে। একাংশ ৰাজনৈতিক দলৰ নেতাই মুখেৰে শংকৰ-আজানৰ দেশৰ কথা কয় আৰু ভিতৰি ভিতৰি বিভেদৰ সৃষ্টি কৰে।

মিঞা সংগ্ৰহালয়ক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি গৰম থকাৰ সময়তে ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদে এই সন্দৰ্ভত আগবঢ়াইছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদে কয় যে আজি কালি শংকৰ-আজানৰ দেশ এটা শ্ল’গানত পৰিণত হৈ পৰিছে। একাংশ ৰাজনৈতিক দলৰ নেতাই মুখেৰে শংকৰ-আজানৰ দেশৰ কথা কয় আৰু ভিতৰি ভিতৰি বিভেদৰ সৃষ্টি কৰে। শংকৰ-আজানৰ দেশক একাংশ ৰাজনৈতিক নেতাই ভাগ ভাগ কৰিব বিচাৰিছে। একাংশ বিভেদগামী শক্তি সক্ৰিয় হৈ আছে আৰু এই বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে। মিঞা সংগ্ৰহালয়ৰ দ্বাৰা একাংশ ৰাজনৈতিক নেতাই ৰাজনীতি কৰিব খুজিছে বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদে। মিঞা সংগ্ৰহালয় দাবী কৰা সকলক গৰিহনা দিয়াৰ লগতে ইক্ৰামুল মজিদে কয় যে মিঞা সংগ্ৰহালয়ত কি ৰখিব আৰু অমসত মিঞা কেতিয়া আছিল?

আঞ্চলিকতাবাদৰ প্ৰসংগত ইক্ৰামুল মজিদে কয় যে আগপই ক্ষমতা কেন্দ্ৰীক ৰাজনীতিৰ বাবে যি ইছ্যু লৈ দল গঠন কৰিছিল সেইবোৰ ইছ্যু পাহৰি গৈছে অগপই। সেইবাবে অসমৰ ৰাইজে নিজৰ সন্তানৰ দৰে জন্ম দিয়া দলটো এতিয়া অসমীয়া ৰাইজৰ মনৰ পৰা আঁতৰি গৈছে। আনহাতে আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ ইছ্যু হ’ব উন্নয়ন। ৰাইজৰ দল ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা পৰিচালিত আৰু ৰাইজৰ দল বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদে।