আনোৱাৰ হুছেইন

গৰৈমাৰী

১৬ আগষ্ট

বিশেষভাৱে সক্ষম লোকক সহায় কৰাৰ আমছুৰ এক দীৰ্ঘদিনীয়া সপোন স্বাধীনতা দিৱসৰ দিনাই বাস্তৱত ৰূপান্তৰিত হোৱাৰ পথত। স্বাধীনতা দিৱসৰ দিনাই বিশেষভাৱে সক্ষম লোকৰ বাবে আমছুৱে ল’লে বিশেষ পদক্ষেপ।

সদৌ অসম সংখালঘু ছাত্ৰ ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ দিনত বাস্তৱত ৰূপান্তৰিত কৰাৰ দিশত এক দীৰ্ঘদিনীয়া সপোন। দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপান্তৰিত কৰি দক্ষিণ কামৰূপ জিলা আমছুয়ে দাঙি ধৰিলে মহানুভৱতাৰ এক সুন্দৰ নিদৰ্শন। বিশেষভাৱে সক্ষম লোকক হুইল চিয়াৰ প্ৰদানৰ জড়িয়তে সহায় কৰিবলৈ আগবাঢ়ি আহিছে দক্ষিণ কামৰূপ জিলা আমছুৱে। ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই এজন বিশেষভাৱে সক্ষম লোকক হুইল চিয়াৰ প্ৰদান কৰি এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আমছুৱে।

পৰৱৰ্তী সময়ত সমগ্ৰ দক্ষিণ কামৰূপত থকা বিশেষভাৱে সক্ষম লোক সকলৰ মাজত হুইল চিয়াৰ বিতৰণ কৰি এই লোক সকলক সহায় কৰি যোৱাৰ চেষ্টা অব্যাহত ৰাখিব দক্ষিণ কামৰূপ জিলা আমছুৱে। উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনা সদৌ অসম সংখালঘু ছাত্ৰ ইউনিয়নৰ গৰৈমাৰী আঞ্চলিক কাৰ্যালয় প্ৰাংগণত আমছুৰ নেতা কৰ্মীয়ে বিশেষভাৱে সক্ষম এজন লোকক প্ৰদান কৰে হুইল চিয়াৰ।

বিগত সময়চোৱাত ছয়গাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে অগপ নেতা কমলাকান্ত কলিতাই ছয়গাঁও সমষ্টিৰ ৰাইজৰ কোনো ধৰণৰ অভাৱ-অভিযোগ পূৰণ কৰাৰ চেষ্টা নকৰা বুলি মন্তব্য প্ৰকাশ কৰি দুয়োজন নেতাক তীব্ৰ সমালোচনা কৰে দক্ষিণ কামৰূপ জিলা আমছুৰ সভাপতি ইমদাদ হুছেইনে।