বকো

১৬ আগষ্ট

অসম-মেঘেয়াল সীমান্তৰ লাম্পীৰ সীমা সমস্যাক লৈ অসম চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ওপৰত জাঙুৰ খাই উঠিছে গোৰ্খা ছাত্ৰ সন্থা। লাম্পীত যোৱা বৃহস্পতিবাৰে সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ পিছতে গোৰ্খা ছাত্ৰ সন্থাৰ মূল কমিটীৰ ২০ জনীয়া দল সম্বলিতে সন্মিলিত লাচিত সেনা অসমৰ সভাপতি আৰু সদৌ ৰাভা ছাত্ৰ সন্থাৰ অৱসৰ প্ৰাপ্ত সভাপতি ৰমেন সিং ৰাভাই শনিবাৰে লাম্পীত উপস্থিত হৈ লাম্পীৰ ৰাইজৰ সৈতে অঞ্চলটোৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত আলোচনা কৰে।

উল্লেখযোগ্য যে, চলিত মাহৰ যোৱা বৃহস্পতিবাৰে অসমৰ লাম্পীৰ নিকটৱৰ্তী মাকৈবাৰী আৰু সুন্দৰপুৰ গাঁৱৰ ৰাইজে মাকৈবাৰীৰ পৰা সুন্দৰপুৰলৈ যোৱা পথটোৰ মেৰামতি কৰি থকা অৱস্থাত মেঘালয় আৰক্ষী সেই স্থানত উপস্থিত হৈ স্থানটো মেঘালয়ৰ বুলি দাবী কৰি ৰাস্তাৰ কাম বন্ধ কৰি দিয়ে। মেঘেয়াল আৰক্ষীয়ে ৰাস্তাৰ মেৰামতিৰ কাম কৰি থকা তিনিজন শ্ৰমিকসহ লাম্পীৰ স্থানীয় দুজন যুৱকক গুৰুত্বৰভাৱে প্ৰহাৰ কৰি মেঘালয়ত লৈ যায় আৰু নিশা প্ৰায় ৮ মান বজাত তিনিজন শ্ৰমিক আৰু স্থানীয় যুৱক দুজনক এৰি দিয়ে।

ঘটনা সংক্ৰান্তত গোৰ্খা ছাত্ৰ সন্থাই হুংকাৰ দিয়ে যে তিনিদিনৰ ভিতৰত অসম চৰকাৰে দোষীক শাস্তি প্ৰদান নকৰিলে অসম মেঘালয় সীমান্তত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিব। গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন চেত্ৰীয়ে কয় যে অসম চৰকাৰৰ সীমা সমস্যা সমাধান কৰাৰ কোনো সদ ইচ্ছা নাই যাৰ বাবে লাম্পীত যোৱা ৫১ বছৰ ধৰি সীমা সমস্যা সমাধান হোৱা নাই। মাটি ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰখনে মাটি ভেটি ৰক্ষা কৰিব পৰা নাই বুলিও মন্তব্য প্ৰকাশ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন চেত্ৰীয়ে।