চিৰাং

২২ নৱেম্বৰ

চিৰাং জিলাৰ বিজনীৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টীৰ বিপিএফ আৰু অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিশ্বজিৎ দৈমাৰীক তীব্ৰ সমালোচনা চন্দন ব্ৰহ্মৰ। বিজেপিত যোগদান কৰি বিশ্বজিৎ দৈমাৰী ডাষ্টবিনত সোমাল বুলি মন্তব্য চন্দন ব্ৰহ্মৰ।

বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰি পোনে পোনে ডাষ্টবিনত সোমাল বুলি চিৰাং জিলাৰ এক নিৰ্বাচনী সভাত মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। মন্ত্ৰী গৰাকীয়ে কয় যে আমাৰ বিপিএফ দলৰ সাংসদ হৈ অইন দলত যোৱাৰ লগে লগে তেওঁৰ সাংসদ পদ খাৰিজ হ’ব বুলি জনাৰ লগেই লগেই বিশ্বজিৎ দৈমাৰীয়ে সাংসদ পদৰ পৰাও পদত্যাগ কৰি ডাষ্টবিনত সোমাল। মন্ত্ৰী গৰাকীয়ে আৰু কয় যে মই আগতে কৈছিলো যে বিটিচি নিৰ্বাচনৰ পূৰ্বে যদি বিশ্বজিৎ দৈমাৰী কেন্দ্ৰীয় মন্ত্ৰীৰ পদ নাপায় তেনেহলে তেওঁ ডাষ্টবিনত যাব গতিকে মোৰ কথাটো অলপ আগতেই হ’ল। এতিয়া বিশ্বজিৎ দৈমাৰী যোৱাকালিৰ পৰা ডাষ্টবিনৰ হ’ল। বিশ্বজিৎ দৈমাৰী বিজেপিলৈ যোৱাত বিপিএফ দলৰ এক বিন্দুয়ো ক্ষতি নহয় বৰঞ্চ তেওঁ বিপিএফত থাকিলেহে আমাৰ সাংঘাতিক ক্ষতি হলেহেতেন কাৰণ তেওঁ বিপিএফত থাকি অইন দলৰ হৈ কাম কৰিলেহেতেন। বিশ্বজিৎ দৈমাৰী হাগ্ৰামা মহিলাৰীৰ দয়াত বিপিএফ দলৰ পৰা তিনিবাৰকৈ ৰাজ্য সভাৰ সাংসদ হ’ব পাৰিছিল। বিশ্বজিৎ দৈমাৰীৰ দৰে ভাগ্য অসমত কোনো ৰাজনীতিবিদৰে হোৱা নাই। বিপিএফত থাকি যদি তেওঁৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ ভাগ্য নহ’ল আৰু বিজেপি দলত যোগদান কৰিও বিটিচি নিৰ্বাচনৰ পুৰ্বে বিশ্বজিৎ দৈমাৰী কেন্দ্ৰীয় মন্ত্ৰী হ’ব নোৱাৰে তেন্তে তেওঁ ডাষ্টবিনত যাব বুলি মই আগতেই ভৱিষ্যত বাণী কৰিছিলো বুলিও কয় মন্ত্ৰী গৰাকীয়ে। বিটিচিত কোনো এটা দলেই বিপিএফৰ বাবে প্ৰত্যাহ্বান হ’ব পৰা ধৰণৰ কোনো চিন দেখা নাই যদিও কোনো কোনো সমষ্টীত দুই এজন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা থাকিব পাৰে বুলিও মন্ত্ৰী চন্দন ব্ৰহ্মই কয়। বিটিচিত নিৰ্বাচনী প্ৰচাৰলৈ আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ভাষণ দিয়া বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে চন্দন ব্ৰহ্মই। সভাত বিধায়ক কমল সিং নাৰ্জাৰীয়ে নিজৰ ভাষণত সমষ্টিবাসী ৰাইজক উদ্দেশ্যি কয় যে অগপ আৰু বিপিএফৰ সমৰ্থিত থুৰিবাৰী পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী পাৰ্থজিত ৰায় জয়ী হোৱাটো নিশ্চিত গতিকে আপোনালোকে বিজয়ী প্ৰাৰ্থীকেই ভোট দিয়ক। বিজেপি দলে হিন্দুৰ বাবে সংবিধান সংশোধন কৰি “কা” আনিলে যদিও এতিয়াও হিন্দু বঙালি সকলক বিদেশীৰ নামত হাৰাশাস্থি অব্যাহত ৰাখিছে গতিকে বিজেপিৰ চলাহি কথাত কান নিদিব বুলিও সভাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে বিধায়ক নাৰ্জাৰীয়ে।

দেওবাৰে চিৰাং জিলাৰ বিজনীৰ বেতবাৰী খেলপথাৰত বিপিএফ আৰু অগপ দলৰ সমৰ্থিত ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী পাৰ্থজিত ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্টিত হয়। সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে বিজনী বিধান সভা সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰী, প্ৰাক্তন বিধায়ক কমল ব্ৰহ্মকে আদি কৰি অসম গণ পৰিষদ দলৰ কেবাজনো নেতা উপস্থিত থাকে।