হোজাই

২২ নৱেম্বৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অসুস্থ। চিকিৎসালয়ৰ বিছনাত জীৱন-মৃত্যুৰ যুঁজত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ। অতিকৈ সংকটজনক অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিশেষ দুৱাৰ আয়োজন। দুৱাত আবেগিক হৈ পৰিল বদৰুদ্দিন আজমল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ থকা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাৰীৰিক অৱস্থা শনিবাৰে দুপৰীয়াৰ ভাগৰ পৰা অধিক সংকটজনক হৈ পৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে তেওঁক ইনভেছিভ ভেন্টিলেশ্যনত ৰাখি চিকিৎসা প্ৰদান কৰি আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি খবৰ লাভ কৰাৰ পিছতে এআইইউডিএফ বদৰুদ্দিন আজমল শনিবাৰে নিশাৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালি উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয়। চিকিৎসালয়ৰ বিছনাত জীৱন-মৃত্যুৰে যুঁজা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে দেওবাৰে হোজাইস্থিত আজমল হাউচত এক বিশেষ দুৱাৰ আয়োজন কৰে এআইইউডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যাতে চিকিৎসালয়ৰ বিছনাৰ পৰা অতি শীঘ্ৰে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি অহাৰ আশাৰে অনুষ্ঠিত কৰা বিশেষ দুৱা মেহফিলত ভাগ লৈ বদৰুদ্দিন আজমলক আবেগিক হৈ পৰা দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে শনিবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসালয় পৰা ওলাই অহাৰ সময়তো আবেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছিল বদৰুদ্দিন আজমলক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক চিকিৎসালয়ৰ ইনভেছিভ ভেন্টিলেশ্যনত প্ৰত্যক্ষ কৰি সেমেকি পৰিছিল বদৰুদ্দিন আজমলৰ দুচকু।