গুৱাহাটী, সংবাদ ৩৬৫, ১৫ আগষ্ট: সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপনকলৈ ব্যস্ত হৈ থকা সময়তে স্বাধীনতা দিৱসৰ দিনাই গুৱাহাটীৰ গান্ধী মণ্ডপৰ পৰা হতাশ হৈ নামিল মহানগৰবাসী। স্বাধীনতা দিৱসৰ দিনা পুৱাৰ ভাগতে মহানগৰবাসীয়ে গান্ধী মণ্ডপত ভিৰ কৰে দেশৰ তৃতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা চাবলৈ। কিন্তু দুখৰ বিষয় যে হতাশ হৈ পাহাৰৰ পৰা নামিব লগীয়া হয় মহানগৰবাসী কিয়নো নিৰ্মান কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে পতাকা উৰুৱাবলৈ সক্ষম নহ’ল নিৰ্মান কাৰ্যৰ লগত জড়িত থকা লোক। জি এম ডি এ আৰু অসম চৰকাৰৰ উদ্যোগত যোৱা দুমাহ ধৰি ৩০ জনকৈ লোক গান্ধী মণ্ডপত ৩০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা নিৰ্মানত ব্যস্ত হৈ আছিল। যুদ্ধকালীন তৎপৰতাৰে পতাকা নিৰ্মান কাৰ্য চলি আছিল ৭২ সংখ্যক স্বাধীনতা দিৱসত উৰুৱাবলৈ। কিন্তু পতাকা উৰুৱাবলৈ সক্ষম নহ’ল নিৰ্মান কাৰ্যৰ লগত জড়িত লোক। প্ৰতি বছৰৰ দৰে এইবেলিও সমগ্ৰ দেশৰ লগতে মহানগৰীৰ বিভিন্ন অঞ্চলত স্বাধীনতা দিৱস উদযাপন কৰা হয় যদিও মহানগৰবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল গান্ধী মণ্ডপৰ দেশৰ তৃতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা। নিৰ্মান কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে ৩০০ ফুট উচ্চতৰ ৰাষ্ট্রীয় পতাকা চাবলৈ আহি অকল ধ্বজাদণ্ড চাই হতাশ হৈ মহানগৰবাসী নামি আহে গান্ধী মণ্ডপ পাহাৰৰ পৰা। উল্লেখ্য যে ভাৰত-পাকিস্তানৰ সীমান্তৰ ৱাঘা বৰ্ডাৰৰ আৰু ঝাৰখণ্ডৰ ৰাজধানী ৰাচীৰ পিছত মহানগৰীৰ গান্ধী মণ্ডপ পাহাৰত ৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনা দেশৰ তৃতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ দুমাহ ধৰি ৩০ জনকৈ লোক ৰদে-বৰষুণে চেষ্টা চলাই আছিল যদিও সফলতা লাভ কৰিব নোৱাৰিলে। মহানগৰবাসী দেশৰ তৃতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা চাবলৈ আৰু কিছুদিন অপেক্ষা কৰিব লাগিব।