কুন্দন ভৰালী

নগাঁও

২৭ ফেব্ৰুৱাৰী

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কৰা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ শনিবাৰে প্ৰতিষ্ঠা কৰা হয়।২০০৪ চনৰ পৰা বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল এই মহামৃত্যুঞ্জয় মন্দিৰৰ।

২২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা স্থিৰপ্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ পাছতেই শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হয়। ২২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা স্থিৰপ্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত তামিলনাডুৰ প্ৰায় দুশৰো অধিক বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰে। শনিবাৰে পুৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পত্নী ৰিণিকি ভূঞা শৰ্মা, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, সাংসদ পল্লব লোচন দাস, সাংসদ হৰেন সিঙ বে, বিধায়ক ৰূপক শৰ্মা, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙ, প্ৰাক্তন বিধায়ক বিজেপি নেতা বিদ্যা সিং ইংলেঙ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইসহ কেইবাগৰাকী বিজেপি নেতাৰ লগতে মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱাৰ উপস্থিতিত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হয়।

ইয়াৰ পাছতেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাম বাদক শিৱামণিয়ে বাদ্য বজাই উপস্থিত ভক্ত প্ৰাণ ৰাইজক আপ্লুত কৰে। আগন্তক নিৰ্বাচনত অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিয়েই দাবী কৰিলে মন্দিৰত উপস্থিত বিজেপি নেতা সকলে।