যোৰহাট

২৭ ফেব্ৰুৱাৰী

যোৰহাট জিলা সমষ্টিত সংযোজন হ’ব ১৬৫ টা নতুন পলিং ষ্টেচন। ৭,৫৬,৮৫৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। যোৰহাটত থাকিব ৮০ টা মহিলা আৰু মডেল পলিং ষ্টেচন। যোৰহাট জিলাত নিৰ্বাচনী আইকন ৰূপে অৰণ্য মানৱ যাদৱ পায়েং আৰু লখিমী বৰুৱা আছে।

সমাগত বিধানসভা নিৰ্বাচনকলৈ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা প্ৰশাসনো তৎপৰ হৈ পৰিছে নিৰ্বাচনৰ প্ৰস্তুতিত। শনিবাৰে যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কৰৌতিয়ে এক সংবাদ মেল যোগে যোৰহাট জিলা প্ৰশাসন কেনেদৰে প্ৰস্তুত হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সেই কথা সদৰি কৰে। ক’ৰণা মহামাৰীৰ বাবে এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত কেতবোৰ নিয়ম বান্ধি দিয়া হৈছে। এইবাৰ যোৰহাটত মুঠ ৭,৫৬,৮৫৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ইয়াৰে ৩,৭৬,৮৬৫ গৰাকী পুৰুষ ভোটাৰ আৰু ৩,৭৯,৯৯১ গৰাকী মহিলা ভোটাৰ। তদুপৰি কভিড প্ৰতি লক্ষ্য ৰাখি মুঠ ১৬৫ টা ভোট কেন্দ্র বৃদ্ধি কৰা হৈছে যাৰ ফলত মুঠ ভোট কেন্দ্রৰ সংখ্যা হৈছেগৈ ১১০২ টা। জিলাখনৰ ৫ টা সমষ্টিত ৮০ উৰ্দ্ধৰ মুঠ ৯৩৮৬ গৰাকী ভোটাৰ আছে। আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীয়ে ৩০ লাখ ৮০ হাজাৰ টকাতকৈ অধিক ধন ব্যৱহাৰ কৰিব নোৱাৰিব। উল্লেখ্য যে এইবাৰ যোৰহাট জিলা নিৰ্বাচনী আইকন ৰূপে অৰণ্য মানৱ যাদৱ পায়েং আৰু লখিমী বৰুৱা আছে। ভোটাৰ সকলক সজাগ কৰিবৰ বাবে ইতিমধ্যে সজাগতা আৰম্ভ কৰা হৈছে। বিগত নিৰ্বাচনত যি কেইটা ভোট কেন্দ্রৰ ভোটাৰ হাৰ কম আছিল সেই কেইটাত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আনহাতে ২ মাৰ্চৰ পৰা ৯ মাৰ্চৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব আৰু ১০ মাৰ্চত এই মনোনয়ন পত্ৰ সমূহৰ নিৰীক্ষণ কৰা হ’ব। কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন প্ৰত্যাহাৰ কৰিব বিচাৰে তেনেহ’লে সেইয়া ১২ মাৰ্চৰ ভিতৰত কৰিব লাগিব। উল্লেখ্য যে যোৰহাট লোকসভা সমষ্টিৰ বাবে জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কৰৌতি, দেৰগাঁও সমষ্টিৰ বাবে ধীৰাজ দাস আৰু টিয়কৰ বাবে বিশ্বজিৎ ফুকন ৰিটাৰ্নিং অফিচৰ ৰূপে থাকিব।