বিনু তালুকদাৰ
মুকালমুৱা
২০ ছেপ্টেম্বৰ

সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত বাঘ হাজৰিকা ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ। মুকালমুৱা থানাৰ সন্মুখত বাঘ হাজৰিকা ঐক্য মঞ্চ, বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী জনায়।

ইছলাম ধৰ্মৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ সন্দৰ্ভত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ এটাৰ পিছত আনটো বিতৰ্কিত মন্তব্যই উত্তাল কৰি ৰাখিছে সমগ্ৰ ৰাজ্য। সত্যৰঞ্জন বৰাৰ ইছলাম বিৰোধী মন্তব্যক লৈ জাঙুৰ খাই উঠা বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে নেতা গৰাকীৰ বিৰুদ্ধে এখনৰ পিছত আনখন এজাহাৰ দাখিল কৰিয়ে আছে যদিও বৰ্তমানলৈকে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কিছুদিন পূৰ্বে শিৱসাগৰ সদৰ থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ বাবে সত্যৰঞ্জন বৰা শিৱসাগৰৰ সদৰ থানাত উপস্থিত হোৱাৰ পিছতে শিৱসাগৰত এক উত্তাল পৰিস্থিতি সৃষ্টি হৈছিল। ইয়াৰ পিছতে পুনৰ সত্যৰঞ্জন বৰাই ইছলাম ধৰ্মক লৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰাত পুনৰ বিভিন্ন দল-সংগঠনে জাঙুৰ খাই উঠিছে। শনিবাৰে সত্যৰঞ্জন বৰাৰ গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ দেখা গ’ল ব্যাপক প্ৰতিবাদ। নলবাৰী জিলাৰ মুকালমুৱাত সত্যৰঞ্জন বৰাৰ গ্ৰেপ্তাৰৰ দাবীত বাঘ হাজৰিকা ঐক্য মঞ্চ, বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে মুকালমুৱা থানাত সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

বাঘ হাজৰিকা ঐক্য মঞ্চ, বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ অৰ্ধ-শতাধিক সদস্যই মুকালমুৱাৰ হাজো- দৌলাশাল পথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইফালে সত্যৰঞ্জন বৰা সন্দৰ্ভত অসম আৰক্ষীৰ ভূমিকাক লৈ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে সন্দেহ প্ৰকাশ কৰিছে যে অসম চৰকাৰে নিজৰ বিফলতা সমূহ লুকুৱাবলৈ সত্যৰঞ্জন বৰাক বিতৰ্কিত মন্তব্য প্ৰদান কৰিবলৈ মুকলিভাৱে এৰি দিছে।