গুৱাহাটী ১৩ আগষ্টঃ আজি গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছ আৰু অসমীয়া সুৰক্ষা ঐক্য মঞ্চৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণ সন্দৰ্ভত নাগৰিক সভাৰ আয়োজন কৰা হয়। নাগৰিক সভাই এখন শুদ্ধ আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শীঘ্ৰে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায়। অসম আৰু অসমীয়াৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি খিলঞ্জীয়া লোকৰ নাম কোনো কাৰণতে বাদ নপৰাকৈ তথা কোনো কাৰণতে অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত নোহোৱাকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ কৰাৰ বাবেও নাগৰিক সভাই সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়। সভাই উচ্চতম ন্যায়ালয়ৰ ভূমিকাক ধন্যবাদ জনাই ৰাজ্য চৰাকৰে দায়বদ্ধতাৰ সৈতে এন আৰ চিৰ কামত সহযোগ কৰাৰ বাবে ৰাজ্য চৰকাৰখনৰ শলাগ লয়। ডঃ ৰোহিনী কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত নাগৰিক সভাত মুখ্য অথিতি হিচাপে অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰাক্তন নিৰ্বাচনী মুখ্য আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই কয় যে স্বাধীনতাৰ ৭০ বছৰ পিছতো খিলঞ্জীয়াৰ অধিকাৰক লৈ বিষয় উত্থাপন হোৱাটো আচৰিত কথা। ব্ৰহ্মই লগতে কয় যে এন আৰ চি হোৱাৰ পিছত পৰৱৰ্তী পৰিকল্পনা সম্পৰ্কে চৰকাৰ আৰু সচেতন নাগৰিক সজাগ হব লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ নিৰ্মল কুমাৰ চৌধুৰী, বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু আইনবিদ ডঃ ৰমেশ বৰপাত্ৰ গোহাঁই নাগৰিক সভাখনত উপস্থিত থাকি এখন শুদ্ধ আৰু নিকা এন আৰ চি প্ৰস্তুত কৰাৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে। আনহাতে এন আৰ চি উন্নীতকৰণৰ নডেল বিষয়া প্ৰতীক হাজেলাই এন আৰ চিত  খিলঞ্জীয়া লোকৰ নাম কোনো কাৰণতে বাদ নপৰে বুলি সভাত মন্তব্য প্ৰকাশ কৰে। নাগৰিক সভাখনত সামাজিক সংগঠন ব্ৰাদাৰ্ছ সচিব প্ৰধান দিব্যজ্যোতি শইকীয়াও উপস্থিত থাকে।।