মানিকপুৰ, ১৩ আগষ্টঃ বঙ্গাইগাঁৱৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰায় দুই শতাধিক গাওঁ বানপানীৰ কৱলত পৰিছে। আই মানাহ, পোকালাগী আৰু মৰামানাহ নদীৰ বাঢ়নী পানীয়ে অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিশেষকৈ ভাণ্ডাৰা, দুই নং জাৰাগুৰি, বাশবাৰী, ছালাবিলা, টোপগাওঁ, টুপকাচৰ, টেন্টনপুৰ, তিলপুখুৰী, আবাদী, নাম্বাৰপাৰা, গোলাপাৰা, বাংলাপাৰা, হৰিৰচৰ, কাহীবাৰী, কাছাৰপেটী, সজালপাৰাকে ধৰি সমষ্টিটোৰ প্ৰায় ৩০ খনৰো অধিক গাঁৱৰ মানুহৰ ঘৰৰ মধুচলৈ পানী উঠিছে। বহু লোক এতিয়াও পানীৰ মাজত আৱদ্ধ হৈ আছে। সমষ্টিটোৰ প্ৰায় ৫খন কাঠৰ দলঙৰ লগতে বহু বাঁহৰ সাঁকো বানপানীয়ে উৰুৱাই নিছে। দূৰ্গত সকলে বিভিন্ন মাথাউৰিত পোহনীয়া জীৱ-জন্তৰ সৈতে আশ্ৰয় লৈছে যদিও বানাক্ৰান্তৰ মাজত খাদ্যৰ লগতে খোৱাপানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান তিলপুখুৰী, টেন্টনপুৰ, বাশবাৰী আদি কেবাখনো গাঁৱত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি অম্বমোদন এম পিয়ে এছডিআৰএফ আৰু এনডিআৰএফৰ লগত গৈ উদ্ধাৰ অভিযান চলাইছে।