বাক্সা, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: বাক্সাত বড়োভূমিৰ পৰা বি পি এফক উৎখাত কৰাৰ হুংকাৰ ইউ জি ব্ৰহ্মৰ। প্ৰাক্তন এৱছু নেতা প্ৰমোদ বড়োক ইউ পি পি এলৰ নতুন সভাপতিৰ দায়িত্ব প্ৰদান কৰি বড়োভূমিৰ পৰা বিপিএফক উৎখাত কৰাৰ হুংকাৰ ইউ জি ব্ৰহ্মৰ।

বড়োভূমিত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনকলৈ কঁকালত টঙালি বান্ধিছে। বড়োভূমিৰ প্ৰধান ৰাজনৈতিক দল বি পিএফ আৰু ইউ পি পি এল ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচন কেন্দ্ৰিক আক্ৰমণ-প্ৰত্যাক্ৰমনৰ। মঙলবাৰে বাক্সাৰ বাগানপাৰাত ইউ পি পি এলে এক বিশাল সভাৰ আয়োজন কৰি শাসনাধিস্থ বি পি এফ দলক তীব্ৰ আক্ৰমণ কৰে ৷ প্ৰাক্তন এৱছু নেতা প্ৰমোদ বড়োক ইউ পি পি এলৰ নতুন সভাপতি দায়িত্ব প্ৰদান কৰি ইউ জি ব্ৰহ্মই বি পি এফ দলক এইবাৰ বড়োভূমিৰ পৰা উৎসাত কৰাৰ হুংকাদ দিয়ে। বি জে পিৰ লগত মিত্ৰতাৰ বাবে ইউ পি পি এলৰ দুৱাৰ খোলা আছে বুলিও মন্তব্য কৰে ব্ৰহ্মাই৷ বি টি আৰ চুক্তি ৰূপায়ন কৰা আৰু প্ৰাক্তন ইউ পি পি এলৰ সভাপতি ইউ জি ব্ৰহ্মৰ শাৰীৰিক অসুস্থতাৰ বাবে প্ৰমোদ বড়োৰ দলৰ সভাপতিৰ দায়িত্ব দিয়াৰ কথাও প্ৰকাশ ইউ জি ব্ৰহ্মই। চৰকাৰ গঠন কৰিয়েই বড়োভূমিত সংঘটিত হোৱা দুৰ্নীতিৰ চি বি আই তদন্তৰ দাবী জনাব বুলি সভাত মন্তব্য প্ৰকাশ কৰে ইউ পি পি এলৰ নৱনিযুক্ত সভাপতি প্ৰমোদ বড়োই৷ ইউ পি পিৰ সভাপতিৰ দায়িত্ব গ্ৰহন কৰিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চবকা সাথ, চবকা বিকাশ আৰু সবকা সুৰক্ষা মন্ত্ৰৰে আগুৱাই যোৱাৰ কথা প্ৰকাশ কৰে প্ৰমোদ বড়োই৷ হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰি প্ৰমোদ বড়োই বড়োভূমিত চাকৰি প্ৰদানৰ নামত হাগ্ৰামাই লাখ লাখ টকাৰ দুৰ্নীতি কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে।

ইউ পি পি এলে আয়োজন কৰা বিশাল সভাত বিভিন্ন দলৰ দুই শতাধিক কৰ্মীয়ে ইউ পি পি এলত অনুষ্ঠানিক ভাবে যোগদান কৰে৷ ইউ পি পি এল বড়োভূমিত বসবাস কৰা প্ৰতিটো জাতি -জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ হকে কাম কৰি বড়োভূমিক আগুৱাই নিয়াৰ সম্পূৰ্ণ চেষ্টা চলাই যাব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োই৷