কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৬ জানুৱাৰীঃ সোমবাৰে নিশা ১১ বজাত বৰপেটাৰোডৰ ৰেলৱে ওভাৰ ব্ৰীজৰ কাষত আৰক্ষীৰ নিয়মীয়া তালাচি অভিযানত এএছ-১৫ডি- ২৪৮৬ নম্বৰৰ এখন ছেণ্ট্ৰ গাড়ীৰ ভিতৰৰ পৰা ১৫ কেজি গাঞ্জা উদ্বাৰ কৰে। গাড়ীখনৰ চালক আলাউদ্দিন আলী আৰু গাড়ীখনৰ আৰোহি আনোৱাৰ হুছেইন নামৰ দুজন যুৱকক আৰক্ষীয়ে আটক কৰে। যুৱক দুজনৰ ঘৰ বৰপেটাৰ হাউলীত বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা গাঞ্জাখিনি হাউলীৰ পৰা বৰপেটাৰোডলৈ কোনোবা ব্যাক্তিক দিবলৈ যুৱক দুজনে এইদৰে আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে আটক কৰা আলাউদ্দিন আলী আৰু আনোৱাৰ হুছেইন নামৰ যুৱক দুজনক বৰপেটাৰোড আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে। উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৯০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে।