কেৱল পৌৰবোৰ্ডৰ প্ৰস্তাৱ লৈয়েই নীতি বৰ্হিভূতভাৱে দহগৰাকী লোকক নিযুক্তিসহ নিয়মীয়াকৈ দৰমহা প্ৰদান
  প্ৰতিবেদন ১  

বৰপেটাৰোড, ১০ মেঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বাণিজ্যনগৰী বৰপেটাৰোড পৌৰসভাত অব্যাহত আছে এটাৰ পিছত এটাকৈ দুৰ্নীতি৷ বিগত কালছোৱাত বিজেপি নেতৃত্বাধীন বৰপেটাৰোড পৌৰসভাৰ সভাপতি দিলীপ সাহাই একাধিক দুৰ্নীতিত জড়িত থকাৰ অভিযোগত একুৰিৰো অধিক গোচৰত অভিযুক্ত হৈ থকাৰ পিছত বৰ্তমানৰ সভানেত্ৰী সবিতা দেৱনাথ নিজৰ একছত্ৰী শাসনেৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ পোহৰলৈ আহিছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি বৰপেটাৰােড পৌৰসভাৰ দৈনিক মজুৰী শ্রমিক কৰ্মী (গেংগ মজদুৰ) তথা হৰিজন কমী সকলে (প্রায় শতাধিক কর্মচাৰী) নিষ্ঠা আৰু সততাৰে বৰপেটাৰােড পৌৰসভাৰ সেৱা আগবঢ়াই আছে যদিও উক্ত শ্রমিক তথা হৰিজন কর্মীসকলে নুন্যতম বেতন তথা প্রাপ্য সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। এই শ্রমিক তথা হৰিজন কর্মী সকলৰ মাজৰে অধিক সংখ্যক কমী সেৱা আগবঢ়োৱাৰ প্ৰায় ১৫-২০ বছৰ অতিক্রম কৰিছে যদিও সামগ্ৰীক ভাবে পাই থকা সামান্য বেতনেৰে জীৱন ধাৰণত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। সেয়ে ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগৰ এই কৰ্মচাৰীসকলে ভোগ কৰি থকা সা-সুবিধা বিচাৰি পৌৰ কর্তৃপক্ষক সময়ে সময়ে অৱগত কৰি আহিছে যদিও ইয়াৰ কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই৷ যাৰ ফলত কর্মচাৰীসকলে দীর্ঘদিন ধৰি বঞ্চনাৰে দিন অতিবাহিত কৰিব লগা হৈছে। এই কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাই ৰাষ্ট্ৰীয় চাফাই মজদুৰ সংঘৰ বৰপেটা জিলা সমিতিয়ে বিভাগে বিভাগে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে যদিও আজিলৈকে সমস্যাসমূহৰ সমাধান কৰাৰ ক্ষেত্ৰত কোনেও কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে৷
উল্লেখ্য যে এফালে যদি নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰা পৌৰসভাৰ এই শ্ৰমিকসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে আনফালে আদালতৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি কেৱল পৌৰবোৰ্ডৰ প্ৰস্তাৱ লৈয়েই নীতি বৰ্হিভূতভাৱে দহ গৰাকী লোকক চাকৰি নিযুক্তিৰ লগতে নিয়মীয়াকৈ দৰমহা দি আছে৷ স্মৰ্তব্য যে বৰপেটাৰোড পৌৰসভাত চলি থকা সমগ্ৰ দুৰ্নীতি তথা অনিয়মৰ বিষয়ে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসেও অৱগত যদিও দুৰ্নীতি বিৰোধীৰ ঢাক-ঢোক বজোৱা চৰকাৰৰ এইগৰাকী বিধায়কেও নীৰৱ ভূমিকা পালন কৰাত বৰপেটাৰোড পৌৰসভাৰ সমগ্ৰ অনিয়ম তথা দুৰ্নীতিত বিধায়কগৰাকীও জড়িত আছে বুলি বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰিছে৷
ফলত প্ৰশ্ন হয় দুৰ্নীতি ৰোধৰ প্ৰতিশ্ৰুতিৰে দিছপুৰৰ গাদী দখল কৰা পৰিৱৰ্তনৰ চৰকাৰে বৰপেটাৰোড পৌৰসভাত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? নে প্ৰাক্তন পৌৰপতি দিলীপ সাহাৰ দৰে সবিতা দেৱনাথকো ৰক্ষণাবেক্ষন দি দুৰ্নীতিৰেই নিজৰ খেয়ালখুচি মতে চলাই যাব বৰপেটাৰোড পৌৰসভা৷ সেয়া অৱশ্যে সময়ত লক্ষণীয় হ’ব৷ সবিতা দেৱনাথে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰপৰাই পৌৰসভাৰ তিনিগৰাকী কনিষ্ঠ অভিযন্তাৰ সহযোগত চৰকাৰী অনুদান তথা পৌৰ তহবিলৰ ধন বিভাগীয়ভাৱে বিভিন্ন প্ৰকল্পৰ জৰিয়তে কেনেকৈ অনিয়মেৰে সম্পাদন কৰি দেখুৱাই লক্ষ লক্ষ টকা আত্মসাৎ কৰি লুণ্ঠনৰাজ চলাই আহিছে সেয়া পৰৱৰ্তী প্ৰতিবেদনত বিস্তাৰিতভাৱে প্ৰকাশ পাব৷