বৰপেটা, ১১ মেঃ মাদ্ৰাছা সঞ্চালকালয় বিলুপ্তি কৰিব লাগে বুলি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মুছলিম ছাত্ৰ সন্থা৷ শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিবাদত মুছলিম ছাত্ৰ সন্থাই ৰাজ্যজুৰি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে৷ ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিন আৰু উপ সভাপতি বাহাৰুল ইছলামে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি কয় যে, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশ৷ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২৯ আৰু ৩০ ত সংখ্যালঘু সকলক শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান আদি গঢ়াৰ অধিকাৰ দিছে৷ শিক্ষামন্ত্ৰী ড০ শৰ্মাই মুছলমানসকলৰ মাদ্ৰাছা শিক্ষা ক্ষেত্ৰখন আধুনিকীকৰণ কৰাৰ বিপৰীতে মাদ্ৰাছা সঞ্চালকালয় বিলুপ্ত কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাক মুছলিম ছাত্ৰ সন্থাই কোনোপধ্যে কাৰ্যকৰী হ’বলৈ নিদিয়ে৷ সন্থাই লগতে কয় যে শিক্ষামন্ত্ৰী গৰাকীয়ে একমাত্ৰ আৰ এছ এছৰ নেতা-মন্ত্ৰীসকলক সন্তুষ্ট কৰিবলৈ এনে মন্তব্য কৰিছে৷ মুছলমানসকলৰ একমাত্ৰ শিক্ষানুষ্ঠান মাদ্ৰাছা সঞ্চালকালয় বিলুপ্ত কৰাৰ কাৰণে শিক্ষামন্ত্ৰীয়ে ৰচনা কৰা ব্লুপ্ৰিন্ট মুছলিম ছাত্ৰ সন্থাই সফল হ’বলৈ নিদিয়ে৷