বৰপেটা, সংবাদ ৩৬৫, ৮ জুলাইঃ বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত যশীহাটীপাৰাত শনিবাৰে নিশা আৰক্ষীয়ে এটা শক্তিশালী বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ হাউলীৰ দৰে এক স্পৰ্শকাতৰ অঞ্চলত বোমা উদ্ধাৰ হোৱা ঘটনাকলৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা তালিকা প্ৰকাশৰ প্ৰাক মুহুৰ্তত দুষ্ট চক্ৰই ৰাজ্যখনত অশান্তিৰ সৃষ্টি কৰাৰ আশংকা কৰি থকাৰ সময়তে স্পৰ্শকাতৰ জিলাখনত এইদৰে বোমা উদ্ধাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে শণিবাৰে নিশা এক গোপন সুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত হাউলী থানাৰ আৰক্ষীয়ে যশীহাটীপাৰাত অভিযান চলাই পথৰ দাতিত পৰি থকা অৱস্থাত শক্তিশালী বোমাটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে আই ই ডি টো উদ্ধাৰ কৰি ব্লেংকেটেৰে মেৰিয়াই হাউলী আৰক্ষী থানালৈ লৈ আহে৷ ইপিনে দেওবাৰে গুৱাহাটীৰ পৰা অহা বোমা বিশেষজ্ঞৰ দল এটাই হাউলী থানাৰ চৌহদত বোমাটো নিস্ক্ৰিয় কৰে৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও ঘটনা সন্দৰ্ভত এই পৰ্যন্ত আৰক্ষীয়ে কোনে লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই৷