লখিমপুৰ, সংবাদ ৩৬৫, ৮ জুলাইঃ ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে লক্ষীমপুৰ জিলাতো বান পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। জিলাখনৰ কেইবাখনো সৰু-বৰ নদীৰ বাঢ়নি পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চল প্লাবিত কৰাত ক্ষতিগ্ৰস্ত হৈছে বহুলোক। জিলাখনত বৰ্তমান বানপানীৰ তাণ্ডৱত বহুলোকে নিজা ঘৰ-বাৰী এৰি ৰাজপথত বাহৰ পাতিব লগা হৈছে। যোৱা কিছুদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত লক্ষীমপুৰ জিলা বিভিন্ন অঞ্চলৰ পানীৰ তলত বুৰা যোৱাৰ লগতে ৰাজপথ ওপৰেদিও পানী বৈ থকা পৰিলক্ষিত হৈছে। ৰাজপথ পানীৰ তলত বুৰ যোৱাত যাতায়তৰ ক্ষেত্ৰত স্থানীয় ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। লখিমপুৰ জিলা প্ৰশাসনে সন্ধিয়া হোৱা লগে লগে প্ৰশাসন মানুহৰ জৰিয়তে ৰাজপথত গাড়ীসমুহ পানীৰ মাজৰে সুৰক্ষিত ভাৱে পাৰ কৰাৰ ব্যৱস্থা কৰিছে যদিও একাংশ ভুক্তভুগিয়ে জানিবলৈ দিয়ে যে লক্ষীমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা যাত্ৰী সকলৰ বাবে যি সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগিছিল সেয়া পযাপ্ত হোৱা নাই। জিলা প্ৰশাসনে মাত্ৰ সামান্য সহায় সহযোগিতা দিয়েই দায়িত্ব সামৰিছে বুলি একাংশ ভুক্তভুগিয়ে অভিযোগ উত্থাপন কৰিছে।