জোনমণি বেগম

বিশ্বনাথ

১ মাৰ্চ

বিভিন্ন দাবীত বিশ্বনাথত কৰ্ম বিৰতি পালন গৃহৰক্ষী সন্থাৰ। আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাবী পূৰণ নহ’লে নিৰ্বাচনী কৰ্তব্যৰ পৰা আঁতৰি থকাৰ লগতে ভোট বৰ্জনৰ সিদ্ধান্ত গৃহৰক্ষী সন্থাৰ। সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাই কৰ্ম বিৰতি পালন কাৰ্যসূচী ৰূপায়ন কৰে।

সোমবাৰে পুৱা ছয় বজাৰ পৰা তিনি মাৰ্চ পৰ্যন্ত কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰিব সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাই। অসমৰ গৃহৰক্ষী জোৱ‍ন সকলৰ চাকৰি নিয়মীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, মহামান্য উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে গৃহৰক্ষী জোৱানসকলক দৰমহা আদায় দিয়া আৰু গৃহৰক্ষী জোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেন্ট চিষ্টেম অতি সোনকালে বন্ধ কৰা ইত্যাদি দাবীত এই কৰ্ম বিৰতী কাৰ্যসূচী ৰূপায়ন কৰে গৃহৰক্ষী জোৱানসকলে। গৃহৰক্ষী জোৱানসকলৰ দাবী সমূহ পূৰণ নহ’লে আগন্তক বিধনাসভা নিৰ্বাচনত সময়ত গৃহৰক্ষী জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গৃহৰক্ষী জোৱানসকলে লগতে নিৰ্বাচনৰ সময়ত নিজৰ কৰ্তব্য পালন নকৰাৰ হুংকাৰ প্ৰদান কৰে। বিশ্বনাথৰ এই গৃহৰক্ষী জোৱান সকলৰ কৰ্ম বিৰতি ৰূপায়ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বিশ্বনাথ জিলাৰ কৰ্তব্যৰত শতাধিক গৃহৰক্ষী জোৱানসকলে।