জোনমণি বেগম

বিশ্বনাথ

২৮ ফেব্ৰুৱাৰী

সোমবাৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। গুৱাহাটী বৰঝাৰ বিমান বন্দৰত অবতৰণ কৰাৰ পিছতে কংগ্ৰেছ নেত্ৰী গৰাকী হেলিকপ্টাৰযোগে পোনে পোনে যাব লক্ষিমপুৰলৈ।লক্ষিমপুৰ জিলাত কংগ্ৰেছ দলৰ কেইবাটাও নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত গহপুৰলৈ যাব প্ৰিয়ংকা গান্ধী। গহপুৰত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত নিশাটো বিশ্বনাথ চাৰিআলিতে কটাব প্ৰিয়ংকা গান্ধী।

মঙলাবাৰে পুৱা তেজপুৰৰ জনসভালৈ যোৱাৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে লগ কৰিব সাকোমঠা চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক।ইতিমধ্যে প্ৰিয়ংকা গান্ধীৰ বিশ্বনাথ আগমনৰ পূৰ্বে বিশ্বনাথৰ কংগ্ৰেছ কৰ্মী সকল ব্যস্ত হৈ পৰিছে প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণ প্ৰস্তুতিকলৈ। প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণ সন্দৰ্ভত বিশ্বনাথৰ কংগ্ৰেছ কৰ্মীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ড০ সঞ্জু বৰুৱাই সাংবাদিকৰ আগত জনাই যে প্ৰিয়ংকা গান্ধীয়ে চাহ বাগিচাৰ মহিলা শ্ৰমিক সকলক লগ কৰি তেওঁলোকৰ মনৰ কথা বুজ ল’ব আৰু তেওঁলোকৰ লগত কিছু সময় অতিবাহিত কৰিব।আনহাতে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে নিশা বিশ্বনাথত কটোৱাৰ বাবে সুৰক্ষাৰ স্বাৰ্থত বিশ্বনাথ জিলাৰ আৱৰ্ত ভৱনৰ কোঠা বিচৰা হৈছিল যদিও জিলা প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ বাবে অনুমতি প্ৰদান নকৰাত মুখপাত্ৰ গৰাকীয়ে কয় যে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক ৰাজ আতিথ্যৰ প্ৰয়োজন নাই।

প্ৰিয়ংকা গান্ধী যিকোনো পৰিৱেশতে থাকিব পাৰে। পৰবৰ্তী সময়ত আমিও চকু ৰাখিম, ৰাইজে চকু ৰাখিব যাতে বিজেপি দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক বা ৰাজ্যিক পৰ্যায়ৰ নেতাৰ ক্ষেত্ৰতো যাতে প্ৰশাসনে সমান দৃষ্টি ৰাখে। প্ৰশাসনক নিৰপেক্ষ ভুমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই কংগ্ৰেছৰ যুৱ নেতা গৰাকীয়ে।