গুৱাহাটী

৮ আগষ্ট

১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান।বিশ্ববিদ্যালয়খনৰ হোষ্টেলসমূহো খুলি দিয়াৰ সিদ্ধান্ত লৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰিছে এখন জাননী।

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে ছেপ্টেম্বৰৰ ১ তাৰিখৰ পৰা হোষ্টেলসমূহ খোলাৰ লগতে ২২ ছেপ্টেম্বৰৰ পৰা স্নাতক শাখা আৰু ২৫ ছেপ্তেম্বৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব বুলি জনাইছে। চৰকাৰী সকলো নীতি-নিৰ্দেশনাৰ মাজতে বিশ্ববিদ্যালয় খোলাৰ সিন্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ১ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান পৰ্যায়ক্ৰমে খোলাৰ কথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতে জাননীযোগে এই কথা শিক্ষাৰ্থীক জনাইছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইফালে শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।

বিশ্ববিদ্যালয়ৰ হোষ্টেল তথা সকলো শ্ৰেণীকোঠা, কাৰ্যালয় ছেনিটাইজ কৰি বিজাণুমুক্ত কৰিবলৈ আহ্বান জনাইছে শিক্ষাৰ্থীসকলে। তাৰোপৰি পৰীক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলৰ হিতৰ কথা ভাৱি এক সিন্ধান্ত গ্ৰহণ কৰিবলৈ কয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।