যোৰাবাট, সংবাদ ৩৬৫, ১৬ জুলাইঃ ৰাজ্যত দৈনিক সংঘটিত হৈ আহিছে অপৰাধমূলক ঘটনা। দিন ডকাইতি, চুৰিকাৰ্য্য, হত্যা, ধৰ্ষণৰ দৰে ঘটনা প্ৰতিদিনে সংঘটিত হৈ আহিছে। এইবাৰ যোৰাবাটৰ মালয়বাৰীৰ নিৱাসী চন্দন কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিৰ পৰা পালছাৰ বাইকত অহা দুই দূৰ্বৃত্তই দুই লুটিলে ধন। চন্দন কুমাৰ শৰ্মাই যোৰাবাটৰ ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা ২ লাখ ৬৯ হাজাৰ ৪০০ টকা উলিয়াই বাহিৰলৈ লৈ ওলাই অহাৰ মূহূৰ্ততে পালছাৰ বাইক সহিতে  অহা দুই দূৰ্বৃত্তই টকাখিনি লৈ উধাও হয় গুৱাহাটী অভিমুখে। বৰ্তমান মেঘালয় আৰক্ষী আহি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।