গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ফেব্ৰুৱাৰী: বুধবাৰে মহানগৰীৰ কাহিলীপাৰাৰ জটীয়াত অয় টাউন হাউচৰ সহযোগত বিলাসী হোটেল এন কে হোটেল মুকলি কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। এন কে প্ৰডাকচনৰ উত্তৰসূৰী নিত্য বৰকটকীৰ মালিকানাধীন হোটেলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ বহুকেইগৰাকী স্বনামধন্য শিল্পীৰ লগতে জ্যোতিচিত্ৰবনৰ অধ্যক্ষ তথা এসময়ৰ এন কে প্ৰডাকচনৰ কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটা। হোটেলখন উদ্বোধন কৰি পবিত্ৰ মাৰ্ঘেৰিটাসহ জুবিন গাৰ্গে নিত্য বৰকটকীৰ এনে কৰ্ম আন্দোলনক প্ৰশংসা কৰাৰ লগতে উত্তৰোত্তৰ কামনা কৰে।

আনহাতে, বিজেপিৰ নেতা তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ সন্মুখতে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জনপ্ৰিয় শিল্পীগৰাকীয়ে কয় যে সম্প্ৰতি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকাৰ কাৰণে আন্দোলন কিছু স্তিমিত হ’লেও অসমত প্ৰধানমন্ত্ৰী মোদী এণ্ড টীমে জাপি দিব বিচৰা এই আইন কোনো কাৰণতে মানি লোৱা নহ’ব। “ৰাজনৈতিক মতাদৰ্শ যেনেদৰে আমাৰ পৃথক ঠিক তেনেদৰে পবিত্ৰ আৰু মোৰ সম্পৰ্কও বহুত পৃথক। সৰ্বাদাক মুখ্যমন্ত্ৰী হিচাপে নহয়, ব্যক্তিগত এটা সম্পৰ্ক আছে কাৰণে সন্মান জনোৱাৰ বাবে বহুতে তাক ভুল বাখ্যা কৰিছিল, সেয়া হ’ব নালাগে। ব্যক্তিগত সম্পৰ্ক সম্পূৰ্ণৰূপে পৃথক। আজি পবিত্ৰ বিজেপিৰ নেতা হ’ল বুলিয়েই মই তাৰ সৈতে কথাও পাতিব নোৱাৰিম নেকি? সকলো কথা একাকাৰ কৰি বেছি নেতিবাচক ৰূপ দিব নালাগে।” শিল্পীগৰাকীয়ে দোহাৰে। ইপিনে, পবিত্ৰ মাৰ্ঘেৰিটায়ো জুবিন গাৰ্গৰ কথাৰ আঁত ধৰি ব্যক্তিগত জীৱন আৰু ৰাজহুৱা জীৱনৰ মাজত পাৰ্থক্য আছে বুলি মত ব্যক্ত কৰাৰ লগতে জুবিন গাৰ্গে কা’ নামানো বুলি কোৱাৰ বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটাই কা’ক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ বুলি মন্তব্য কৰে।

উল্লেখ্য যে সম্প্ৰতি জুবিন গাৰ্গ সম্পূৰ্ণৰূপে ব্যস্ত অহা ৩ এপ্ৰিলত মুক্তিলাভ কৰিবলগীয়া এন কে প্ৰডাকচনৰ নৱতম চলচ্চিত্ৰ “জানমণি ২০২০”ৰ সংগীতৰ কামত।