কাকপথাৰৰ পৰা ভাস্কৰ জ্যোতি ভূঞা, সংবাদ ৩৬৫, ১৪আগষ্ট: মঙ্গলবাৰে মৰাণ ছাত্ৰ সন্থাই ডিৰাক গেটৰ পৰা ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়লৈ মটৰ চাইকেলৰে ৰেলী কাৰ্য্যসূচী গ্ৰহণ কৰে। যোৱা তিনি আগষ্টত ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত কাকপথাৰৰ মৃদুল মৰাণ নামৰ এজন লোকক সোপাধৰাৰ সন্দেহত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ পিছতেই প্ৰতিবাদ মুখৰ হৈ পৰিছে মৰাণ ছাত্ৰ সন্থা ৷ উল্লেখ্য যে কণ্যাৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়ত থকা মৃদুল মৰাণক এগৰাকী মহিলাই সোপাধৰা, সোপাধৰা বুলি চিঞঁৰাৰ লগে লগে এজন পুলিচ আৰু এজন উকিলৰ নেতৃত্বত শতাধিক স্থানীয় লোকে শাৰীৰিকভাৱে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল বুলি প্ৰত্যক্ষদৰ্ক্ষীয়ে জানিবলৈ দিয়ে। সোপাধৰাৰ সন্দেহত বেয়াকৈ প্ৰহাৰ কৰা ঘটনাটোত এজন পুলিচ, এজন উকিল জড়িত আছে বুলি মৰাণ ছাত্ৰ সন্থাই জানিব পাই ডিব্ৰুগড় মিলননগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ নকৰাৰ বাবে ছাত্ৰ সংগঠনটোৱে ডিৰাক গেটৰ পৰা ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যলয়লৈ মটৰ চাইকেলেৰে ৰেলী কৰি দোষীক গ্ৰেপ্তাৰৰ লগতে, ক্ষতিপুৰণ আৰু অন্ধবিশ্বাসৰ কবলত পৰি সোপাধৰাৰ সন্দেহত নিৰপৰাধী লোকক হাৰশাস্তী কৰা নিকৃষ্ট কাৰ্য বন্ধ কৰাৰ দাবীত এই কাৰ্যসুচী গ্ৰহন কৰে৷ প্ৰতিবাদকাৰী সকলে এই ৰেলীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা উপায়ুক্ত, ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷ গুৰুতৰ ভাবে অাঘাতপ্ৰাপ্ত হোৱা মৃদুল মৰাণক মৰাণ ছাত্ৰ সন্থাৰ কৰ্মকতাই ডুমডুমা ডি চি বৰা নাৰ্ছিং হোমত চিকিৎসা কৰোৱাত সম্প্ৰতি সুষ্ঠ হৈ উঠা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিছতো আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিলে ভয়ানক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বেও ভুৱা বাতৰি সোপাধৰা সন্দেহত কাৰ্বি আংলংৰ ডকমকা কাণ্ড সংঘটিত হৈছিল। নিৰপৰাধী অভিজীৎ নাথ আৰু নিলোৎপাল দাসকে ধৰি আৰু ভিন্ন ঠাইত নিৰীহ লোকৰ প্ৰাণ গৈছিল মাত্ৰ উৰা বাতৰিৰ বাবে। তাৰ পিছতো উৰা বাতৰি সোপাধৰা সন্দেহত কোনোবাই প্ৰাণ হেৰুৱাইছে, আৰু কাৰোবাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে।তাৰ পিছতো ৰাজ্যত সোপাধৰা সন্দেহত ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈয়ে আছে।