মাজবাট, সংবাদ ৩৬৫, ১ জুন : ওদালগুৰি জিলাৰ মাজবাটত দুগৰাকী বহিঃৰাজ্যৰ পৰা অহা যুৱকৰ দেহত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। মাজবাট থানাৰ অন্তৰ্গত গছেনপুৰ গাঁৱৰ নিবাসী ৰহিৰাম বসুমতাৰীৰ পুত্ৰ জন বসুমতাৰী আৰু ডিমাকুছী থানাৰ অন্তৰ্গত আঠাৰীঘাট নিবাসী মোহন গৌতমৰ পুত্ৰ গকুল গৌতমৰ দেহত কভিড -১৯ কৰুণা ভাইৰাছ ধৰা পৰিছে।

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। বিশেষকৈ বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা বহু লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। সোমবাৰে বহিঃৰাজ্যৰ অসমলৈ উভতি অহা ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত গছেনপুৰ গাঁৱৰ নিবাসী ৰহিৰাম বসুমতাৰীৰ পুত্ৰ জন বসুমতাৰী আৰু ডিমাকুছী থানাৰ অন্তৰ্গত আঠাৰীঘাট নিবাসী মোহন গৌতমৰ পুত্ৰ গকুল গৌতমৰ দেহত কভিড -১৯ কৰুণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত যুৱক দুজনৰ ভিতৰত এজন চেন্নাই আৰু আনজন কৰ্নাটকৰ পৰা আহি মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেন্টাৰত এসপ্তাহ ধৰি কোৱাৰেণ্টাইন হৈ আছিল। সোমবাৰে দুয়োগৰাকী যুৱকৰ সোৱ পৰীক্ষাৰ ফলাফল কভিড-১৯ পজিটিভ বুলি সদৰী হোৱাত সন্ধিয়া যুৱক দুজনক মাজবাট মহাবিদ্যালয় কোৱাৰেণ্টাইন চেন্টাৰটোৰ পৰা ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমানলৈকে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ১৪৬৩, ইয়াৰে ২৭৭ গৰাকী লোক সুস্থ হৈ উঠাৰ পৰিবৰ্তে চিকিৎসাধীন হৈ আছে ১১৭৯ গৰাকীকৈ লোক। ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৪ গৰাকীকৈ লোকৰ মৃত্যু হৈছে।