শিলচৰ, সংবাদ ৩৬৫, ২ জুন : বৰাকৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকন্দিত পৃথকে পৃথকে সংঘটিত হোৱা ভূমিস্খলনত নিহত হৈছে ১৯ জনকৈ লোক। ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি খহি অহাৰ ফলত কাছাৰ জিলাত ৭ জন, কৰিমগঞ্জ জিলাত ৫ জন আৰু হাইলাকন্দি জিলাত ৭ জন লোকৰ মৃত্যু।

ধাৰাষাৰ বৰষুণৰ ফলত হাইলাকন্দি জিলাৰ দুই ঠাইত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ৪ জন শিশুসহ ৭ জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা ৭ জন লোকৰ ভিতৰত ৫ জন একেখন পৰিয়ালৰ লোকে বুলি জানিব পৰা গৈছে। হাইলাকন্দিৰ ভোটেৰ বজাৰ অঞ্চলত ভূমিস্খলনৰ ফলত কুটন মিয়া লস্কৰৰ লগতে তেওঁৰ পত্নী জুলফা বেগম আৰু তিনি কন্যা ক্ৰমে নাজিৰা বেগম, হাজিৰা বেগম আৰু ফুতুলি বেগমৰ মৃত্যু মৃত্যু হয়। ইয়াৰ লগতে অঞ্চলটোৰ মতিউৰ ৰহমান নামৰ অন্য এজন লোকৰো মৃত্যু হৈছে। একে সময়তে ভূমিস্খলনৰ ফলত মোহনপূৰ অঞ্চলত মৃত্যু হৈছে চান্দ মনি মাল নামৰ এটি ৫ বছৰীয়া শিশুৰ। এই দুয়োটা ভূমিস্খলনৰ ঘটনাত আহত হৈছে ৫ জনকৈ লোক। আহত লোক সকল হৈছে ক্ৰমে কাউছাৰ হুছেইন, মুস্তাকিম হুছেইন, মমতা বেগম, বড়মনি লস্কৰ আৰু লালন লস্কৰ।

কাছাৰ জিলাৰ জয়পুৰ অঞ্চলৰ কলাৰপাৰত সংঘটিত হোৱা ভয়াবহ ভূমিস্খলনৰ ঘটনাত ৭ জনকৈ লোক নিহত হৈছে। নিহত লোক সকল হৈছে ক্ৰমে আজিম উদ্দীন লস্কৰ, আলিয়া বেগম, আলম উদ্দীন, আৰিফ উদ্দীন, আমোনা বেগম, সুমনা বেগম আৰু ৰহিম উদ্দীন। নিহত লোক সকল একেটা পৰিয়ালৰ লোকে বুলি জানিব পৰা গৈছে।

আনহাতে কৰিমগঞ্জ জিলাৰ কালিগঞ্জ অঞ্চলৰ কৰিমপুৰতো সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত একেটা পৰিয়ালৰ ৫ জনকৈ লোকৰ মৃত্যু হৈছে। মৃত লোক সকলৰ হৈছে ক্ৰমে আজিৰ উদ্দীন আৰু তেওঁৰ পত্নী ৰাজিয়া বেগম, দুই পুত্ৰ ক্ৰমে আফটাৰ হুছেইন আৰু আনোৱাৰ উদ্দীন, কন্যা তাহেৰা বেগম।

উল্লেখ্য যে মঙলবাৰে পুৱাৰ ভাগত বৰাকৰ তিনিওখন জিলাত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ভূমিস্খলনৰ ফলত মাটিৰ তলত আৱদ্ধ হৈ পৰা বহু লোকক উদ্ধাৰ কৰি দলে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।