গোলাঘাট, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ: গোলাঘাটৰ জামুগুৰি ৰেলগেটৰ সমীপত দেওবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এ এছ০৫ এইচ২৪৮৯ নম্বৰৰ মাৰুতি ইক’ গাড়ী আৰু এ এছ০৫ এইচ৮২১৯ নম্বৰৰ এল্ট্ৰ’ গাড়ী দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত ৬গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মাৰুতি ইক’ গাড়ীখনে ৭জন যাত্ৰী লৈ গোলাঘাটৰ পৰা শিশুপানী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এল্ট্ৰ’গাড়ী খনৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ইক’ গাড়ীৰ ৫জন ব্যক্তি ক্ৰমে চৰণ নাৰ্জাৰী, পুতলা বসুমতাৰী, ঝাৰু নাৰ্জাৰী, অনিমা বসুমতাৰী আৰু ঠাকুৰশ্ৰী নাৰ্জাৰী সহ এল্ট্ৰ’গাড়ীত অহা চালকজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এল্ট্ৰ’গাড়ীৰ চালকজন বৰ্তমানো চিনাক্ত কৰিব পৰা হোৱা নাই। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ৬ জনকেই তাৎক্ষণিকভাৱে ১০৮ এম্বুলেন্স সেৱা যোগে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।