হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ: দ:শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ধানুৱা গাওঁ পঞ্চায়তৰ কুমাৰকাতি গাৰোপাৰাত একাংশ শিশু শ্ৰমিক আৰু মহিলাৰ দ্বাৰা কয়লা খনন কৰাই কোনো অসাধু ব্যৱসায়ীয়ে চলাই আছে কয়লাৰ ৰমৰমীয়া বেহা। জানিব পৰা মতে শালিভুই আৰু গাৰোপাৰা গাঁৱৰ বাসিন্দা বক্তাৰ আলী, নুৰ জামাল, মোৱাৰক, ফাজেং শাংমা, ৰংশিং মাৰাকে নামৰ ব্যক্তি কেইজনে প্ৰায় এমাহ ধৰি কয়লাৰ ৰমৰমীয়া বেহা চলাই আছে। উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ত ইতিমধ্যে অসমৰ বহু শ্ৰমিক কয়লা খননৰ কাম কৰিবলৈ গৈ মৃত্যু মূখত পৰিব লগীয়া হৈছে। পৰিৱৰ্তনৰ শ্লোগান গাই ফুৰা বৰ্তমানৰ বিজেপি চৰকাৰখনে এই শিশু শ্ৰমিক আৰু কয়লা খননৰ ৰমৰমীয়া বেহা বন্ধ কৰিব নে নাই সেয়া হ’ব লক্ষনীয় বিষয়।