বাঘবৰ, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ: বাঘবৰ সমষ্টিৰ সত্ৰকণৰা ১৪ নং ছিটত বুধবাৰে বিয়লি এক ভয়ানক ট্ৰেক্টৰ দুৰ্ঘটনা সংঘঠিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰামতে বাঘবৰৰ মিলিজুলি অভিমুখে গৈ থকা এ এছ১৯ চি৮১৯১ নম্বৰৰ ট্ৰেক্টৰ এখনে গৰুৰ পোৱালি এটা বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পুখুৰীত পৰে। ফলত ট্ৰেক্টৰ খনৰ চালক সাইজুল হক (৩৩) গুৰুতৰ ভাৱে আহত হয়। চালক সাইজুল হকৰ অৱস্থা অতি সংকটজনক। গতিকে স্থানীয় ৰাইজৰ তৎপৰতাত চালক জনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উক্ত দুৰ্ঘটনাত টেক্টৰ খনৰ বৃহৎ ক্ষতি সাধন হয় ।