কুন্দন ভৰালী

নগাঁও

৩ মাৰ্চ

গুৱাহাটী উচ্চ ন্যায়ালয়ে মিকিৰ বামুণী গ্ৰান্টৰ কৃষি ভূমিত আজুৰ নামৰ কোম্পানীটোৱে সৌৰপ্ৰকল্পৰ কাম কৰাৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰখাৰ আদেশ জাৰি কৰাৰ পিচত বুধবাৰে কাৰামুক্ত কৃষক সকলক নগাঁৱত আদৰণি জনায়। উল্লেখযোগ্য যে মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী কৃষক সকলৰ কৃষি ভূমি বলপূৰ্বক উচ্ছেদ চলোৱা কাৰ্যৰ বিৰুদ্ধে আৰু কৃষকৰ ভূমিৰ অধিকাৰ ঘূৰাই পোৱাৰ দাবীত কৃষক সকলে বিগত ৩ মাহ ধৰি আন্দোলন চলাই আহিছে।

শেহতীয়াভাৱে ২৬ জানুৱাৰী পৰা এই কৃষক সকলে অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছে। উল্লেখ্য যে অসম চৰকাৰে আজুৰ পাৱাৰ প্ৰাইভেট লিমিটেডক সৌৰ শক্তি প্ৰকল্পৰ স্থাপনৰ বাবে এই ৰায়তি কৃষক সকলৰ ভূমি হস্তান্তৰ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে মিকিৰ বামুণী গ্ৰান্টৰ ভূমিত কৃষক সকলৰ অধিকাৰ সন্দৰ্ভত স্থিতাৱস্থা বাহাল ৰখাৰ আদেশ দিয়ে। তদুপৰি আদালতে অসম চৰকাৰ, নগাঁও জিলা প্ৰশাসন, আজুৰ পাৱাৰ কোম্পানীসহ ১৪ টা পদকীয়া পক্ষক চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ জাননী জাৰি কৰিছে। আদালতৰ এই আদেশক লৈ মিকিৰ বামুণী গ্ৰান্টৰ কৃষক সকল উৎফুল্লিত হৈ পৰিছে। নিখিল ভাৰত কৃষক সভা, চিপিআই, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চি পি আই (এম এল), কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই আন্দোলনত সহযোগীতা আগবঢ়াইছিল। আন্দোলনকাৰী কৃষক মহিলাৰ ওপৰত আৰক্ষীয়ে বৰ্বৰ নিৰ্যাতন চলাইছিল। আৰক্ষীয়ে প্ৰথম অৱস্থাত ১৪ জন কৃষকক গ্ৰেপ্তাৰ কৰিছিল যদিও পিছত তেওঁলোক জামিনত মুকলি হয়।

বিগত বৰ্ষৰ ২৯ ডিচেম্বৰত বুকু মাৰ্ডি, ভাইটি তিমুং, চিকাৰী ৰংপি আৰু লক্ষীৰাম মাৰ্ডিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰাখিছিল। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত এই চাৰিজন কৃষকেও বুধবাৰে জামিন লাভ কৰে।ইপিনে জামিন লাভ কৰা কৃষক কেইজনক আদৰণী জনোৱাৰ উদ্দেশ্যৰে নগাঁৱতো এখন সভা অনুষ্ঠিত হয়।