কুন্দন ভৰালী

নগাঁও

৪ মাৰ্চ

গেৰেজৰ ভিতৰতে হঠাৎ জ্বলিল চাৰিচকীয়া বাহন। অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিমিক্ৰী কৰা নগাঁৱৰ হিমাংশু বৰ্মনৰ চাৰিচকীয়া বাহনত অগ্নিকাণ্ড।

বৃহস্পতিবাৰে নগাঁৱত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। গেৰেজৰ ভিতৰতে অগ্নিকাণ্ড সংঘটিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিমিক্ৰী কৰা নগাঁৱৰ হিমাংশু বৰ্মনৰ চাৰিচকীয়া বাহনত। নিজ ঘৰৰ গেৰেজতে ৰখাই থোৱা অৱস্থাত হঠাৎ জ্বলি উঠে হিমাংশু বৰ্মনৰ চাৰিচকীয়া বাহনখন। পুৱা হঠাৎ ইণ্ডিগ’ চি এছ বাহনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে হুৱাদুৱা লাগে পৰিয়ালটোৰ লগতে স্থানীয় লোকৰ মাজত। স্থানীয় লোকে জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও জুই নিৰ্বাপন কৰাত ব্যর্থ হয়।

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপন বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। চাৰিচকীয়া বাহনখনত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সেয়া এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।