মুছলমান মহিলাক পূজা কৰা মন্দিৰ

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

গুজৰাট, ১৫ মেঃ ধৰ্মৰ নামত ৰাজনীতি, ধৰ্মৰ নামত বিভাজন, ধৰ্মৰ নামত সংঘটিত ঘটনা দেখিবলৈ পোৱা যায় যদিও ধৰ্মতকৈও ওপৰত থকা মানৱতা আৰু ভাতৃত্ববোধ হেৰাই যোৱা নাই মানৱ সমাজৰ পৰা। মানৱতাবোধ, ভাতৃত্ববোধ আৰু হিন্দু-মুছলমানৰ মিলা-প্ৰীতিৰ  প্ৰতীক হিচাপে থিয় আছে গুজৰাটৰ এটা মন্দিৰ।  গুজৰাটৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঝুলাসন নামৰ  গাঁৱখনত হিন্দু-মুছলামনক একতাৰ বান্ধোনেৰে বান্ধি ৰাখিছে এটা মন্দিৰে। মন্দিৰটোত যদিও হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ ইয়াত কিন্তু দেৱ-দেৱীৰ পৰিবৰ্তে পূজা কৰা হয় এগৰাকী মুছলমান মহিলাৰ। লোকবিশ্বাস অনুসৰি কেইবা কোটি বছৰৰ আগতে গাঁৱখনত বসবাস কৰা ডেলা নামৰ এগৰাকী মুছলাম মহিলাই গাঁৱখনক দুষ্কৃতিকাৰীৰ কবলত পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে যুদ্ধ কৰি মহিলাগৰাকী শ্বহীদ হৈছিল। লোকবিশ্বক অনুসৰি মহিলাগৰাকী শ্বহীদ হোৱাৰ পিছত তেওঁৰ মৃতদেহ এপাহি ফুললৈ ৰূপান্তৰ হৈছিল। ফুললৈ ৰূপান্তৰিত হোৱা শ্বহীদ মহিলাগৰাকীৰ মৃতদেহৰ ওপৰতে এই মন্দিৰটো নিৰ্মান কৰা হৈছিল। ডেলা মাত নামে বিখ্যাত এই মন্দিৰটোকলৈ জনমানসত বিশ্বাস যে, ডেলা মাতে আজিও এই গাঁৱখনক সকলো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰি আছে। উল্লেখ্য যে সুনীতা উলিয়ামছ মহাকাশলৈ যোৱাৰ সময়ত এই মন্দিৰটোত সুনীতা সুকলমে পৃথিবলৈ ঘুৰি অহাৰ কামনা কৰি জ্বলোৱা এটা চাকি একেৰাহে চাৰিমাহ জ্বলি আছিল৷

 

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu