নগাঁও, সংবাদ ৩৬৫, ২৪ আগষ্ট: বৃহস্পতিবাৰে নিশা নগাঁৱৰ শেতালিত ডিমৌ – ৰাইডঙীয়া পথৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজ তথা কেইবা শ মহিলাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱাত শুক্ৰবাৰে পুনৰ ৰাস্তাত ভূঁই ৰুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শেতালীবাসী ৰাইজে। অসম চৰকাৰ হাই হাই, গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মা হুচিয়াৰ, ৰহাৰ বিধায়ক ডিম্বেচৰ দাস হুছিয়াৰ ধ্বনিৰ লগতে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল কৰি তোলে শেতালি অঞ্চল। বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱালৈকে অনিদিষ্ট কাললৈ বন্ধ কৰি ৰাখিছিল ডিমৌ – ৰাইডিঙীয়া পথ। হাতে হাতে জাকৈ, খালৈ, প’ল আদি লৈ ৰাজপথলৈ উলাই অাহিল প্ৰতিবাদ মুখৰ হৈ পৰে শতাধিক ৰাইজ। পাছত ঘটনাস্থলীত ৰহাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ দুদিনৰ ভিতৰত পথ মেৰামতি কৰাৰ অাশ্বাস প্ৰদান কৰাৰ পিছত বন্ধ পথটি ৰাইজে মুকলি কৰি দিয়ে। কিন্তু দুদিনৰ ভিতৰত পথ মেৰামতি হব নে নহয় সেয়া হে লক্ষ্যণীয় হব।