কুন্দন ভৰালী

নগাঁও

১৮ ছেপ্টেম্বৰ

ঠিকাদাৰৰ গাফিলতিৰ বাবেই যুৱকৰ মৃত্যু। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি নগাঁৱত। ক্ষুব্ধ ৰাইজে অৱৰোধ কৰিলে পথ।

নগাঁৱত ঠিকাদাৰ গাফিলতিৰ বাবেই এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি শুক্ৰবাৰে পুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নগাঁও চহৰৰ মাজমজিয়াত থকা আনন্দৰাম ঢেকিয়াল ফুকন দলংৰ সমীপতে নিৰ্মীয়মান দলংৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ চূড়ান্ত অৱহেলাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। দলং নিৰ্মাণ কৰি প্ৰতিষ্ঠানটোৱে পথৰ কাষত গাত খান্দিছে যদিও গাতৰ সন্মুখত কোনো ধৰণৰ ‘প্ৰৱেশ নিষেধ’ৰ বৰ্ড নলগোৱাত দলং নিৰ্মাণৰ বাবে খান্দি থোৱা বৃহৎ গাঁতত পৰি ছামাদাৰ পট্টিৰ ৰণি চৰকাৰ নামৰ এজন যুৱকৰ মৃত্যু হয়। যুৱকজনৰ মৃত্যুৰ পিছতেই স্থানীয় ক্ষুব্ধ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰণি চৰকাৰ নামৰ যুৱকজন বাইকেৰে আহি থাকোতে দলং নিৰ্মাণৰ বাবে খান্দি থোৱা গাতত বাইকসহ পৰি যোৱাত ৰণি চৰকাৰৰ কৰুণ মৃত্যু ঘটে।

যুৱক জনৰ এই কৰুণ মৃত্যুক কেন্দ্ৰ কৰি ৰাইজ উত্তপ্ত হৈ দলং নিৰ্মাণৰ লগত জড়িত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত স্থানীয় চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।